Panchayat members protest: অৰুণোদয় আঁচনিক লৈ প্ৰতিবাদ পঞ্চায়ত প্ৰতিনিধিৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 24, 2023, 9:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 17 টা পঞ্চায়তৰ প্ৰতিনিধিৰ প্ৰতিবাদ (Protest in Mairabari) । চৰকাৰী পক্ষই অৰুণোদয় আঁচনিত ৰাজনীতিকৰণৰ দ্বাৰা শাসকীয় দলৰ কৰ্মীসকলক ক্ষমতা অৰ্পণ কৰাত ক্ষোভিত হৈ পৰিছে পঞ্চায়ত প্ৰতিনিধিসকল । মঙলবাৰে পঞ্চায়ত প্ৰতিনিধি সকলে মৈৰাবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাংগনত এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে (Panchayat members protest) ।

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যসকলক অন্ধকাৰত ৰখাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷ অৰুণোদয়ৰ আঁচনিৰ প্ৰ-প্ৰত্ৰ বিতৰণ কৰাৰ ক্ষেত্ৰতো ৰাজনৈতিক দলসমূহে পঞ্চায়তৰ সদস্যসকলক আঁতৰত ৰখাত ক্ষোভিত হৈ পৰিছে পঞ্চায়ত প্ৰতিনিধিসকল ৷ তাৰেই প্ৰতিবাদত মৈৰাবাৰীত এক ধৰ্ণা কাৰ্যসূচী পালন কৰে পঞ্চায়ত প্ৰতিনিধিসকলে (Arunodoi scheme of Assam govt)। 

অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ ক্ষমতা পঞ্চায়তৰ প্ৰতিনিধিসকলক অৰ্পণ কৰিব লাগে বুলি চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে । বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি অৰুণোদয় আঁচনিৰ যাতে ৰাজনীতিকৰণ নহয় তাৰ বাবে চৰকাৰক আহ্বান জনায় । ইয়াৰ লগেত মৈৰাবাৰী উন্নয়ন খণ্ডৰ গাণনিক বিষয়া জিতেন নাথক এখন স্মাৰক পত্ৰ প্ৰদান কৰে পঞ্চায়ত প্ৰতিনিধিসকলে ৷

উল্লেখ্য য়ে, অৰুণোদয় আঁচনি হৈছে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন অভিলাসী আঁচনি । 2020 চনৰ 2 অক্টোবৰ তাৰিখে এই আঁচনিখন মুকলি কৰা হৈছিল ৷ অৰুণোদয় আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় 19.10 লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে 1000 টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিছে । 2020 চনৰ অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰা প্ৰতি মাহৰ প্ৰথম দিনা তেওঁলোকে ধন লাভ কৰাৰ কথা ঘোষণা কৰা হৈছিল । পৰিয়ালৰ মুখ্য তত্বাৱধায়ক মহিলাগৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হয় । আঁচনিগত সুবিধা প্ৰথমে 830 টকা আছিল যদিও ইয়াক বৃদ্ধি কৰি পৰৱৰ্তী সময়ত 1000 টকা কৰা হয় (Benefits of Arunodoi scheme) ৷

2020 চনৰ 17 আগষ্টত অৰুণোদয় আঁচনিৰ বাবে প্ৰয়োজনীয় নিৰ্বাচনী সূচীখন অসম চৰকাৰে মুকলি কৰে । যিসকল আবেদনকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল, সেইসমূহ পৰিয়ালৰ মনোনীত মহিলাগৰাকীৰ বেংক একাউন্টত প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে এই ধন প্ৰদান কৰা হয় (Scam in Arunodoi scheme) ।

এই আঁচনিৰ দ্বাৰা অসম চৰকাৰে যোগ্য হিতাধিকাৰীক ঔষধ, দাইল আৰু চেনী ক্ৰয় কৰিবলৈ মাহিলী 400 টকাকৈ বিত্তীয় অনুদান প্ৰদান কৰে ৷ প্ৰত্যেক পৰিয়াল তথা হিতাধিকাৰীক স্বাস্থ্যকেন্দ্ৰিক যত্ন ল'বলৈ আৰু ঔষধ ক্ৰয় কৰিবলৈ প্ৰত্যেক পৰিয়ালক 200 টকাকৈ প্ৰদান কৰা হয় । মাহেকত 4 কিলোগ্ৰাম দাইলৰ বাবদ 50% অনুদানৰ বাবে মাহেকীয়া ৰাজসাহায্য আৰু একোটা পৰিয়ালক প্ৰতিমাহে 80 টকাৰ সাহায্য প্ৰদান কৰে ৷ ফলস্বৰূপে 4 কিলোগ্ৰাম চেনীত প্ৰতি মাহে হ'বলগীয়া ব্যয়ৰ 50% কাৰ্যকৰীভাৱে ৰাজসাহায্য প্ৰদান কৰে । 

তাৰোপৰি হিতাধিকাৰীৰ ঘৰুৱা খেতিপথাৰত যিমান পৰিমাণৰ খেতি হয়, তাৰ বাদেও প্ৰতি মাহে আছুতীয়াকৈ 150 টকা ব্যয় সাপেক্ষে প্ৰয়োজনীয় ফল-মূলৰ লগতে শাক-পাচলি ক্ৰয় কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰা হয় । অৰ্থাৎ চিকিৎসা তথা পুষ্টি সম্বন্ধীয় সাহায্য সকলোবোৰ একলগ কৰি একোটা পৰিয়ালক প্ৰতি মাহে 1000 টকাৰ বিত্তীয় অনুদান প্ৰদান কৰি অহা হৈছে এই আঁচনিৰ দ্বাৰা ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.