thumbnail

By

Published : Feb 6, 2023, 9:39 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Guest house at Tingkhong: পঞ্চায়ত পুঁজিৰে টিংখাঙত আটকধুনীয়া অতিথিশালা নিৰ্মাণ

ডিব্ৰুগড়, 6 ফেব্ৰুৱাৰী: টিংখাঙত ৰাজ্যৰ ভিতৰত প্ৰথমবাৰৰ বাবে পঞ্চায়ত পুঁজিৰে নিৰ্মাণ হ’ল এটা আটকধুনীয়া অতিথিশালা(Guest house at Tingkhong) ৷ দেওবাৰে এই অতিথিশালাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই(Minister Bimal Bora) ৷ ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে চৰকাৰী আঁচনিসমূহ ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে টিংখাঙৰ এটা পঞ্চায়তে গ্ৰহণ কৰি এই প্ৰশংসনীয় পদক্ষেপ ৷  

পঞ্চায়তৰ চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় 20 লাখ টকাৰ পুঁজিৰে শ’লগুৰি টিপমীয়া গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা হৈছে আটকধুনীয়া অতিথিশালাটো ৷ উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ লগতে উপস্থিত থাকে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ(MLA Taranga Gogoi) , দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা(MLA Terash Gowalla) আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ(MLA Chakradhar Gogoi) ৷

অতিথিশালাটো উদ্বোধন কৰি কেবিনেট মন্ত্ৰী বিমল বৰাই টিংখাঙৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ব বুলি আশা প্ৰকাশ কৰে ৷ আগন্তুক দিনত চৰকাৰৰ বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণত এই অতিথিশালাটো বিশেষভাৱে সহায়ত হ’ব বুলিও মন্তব্য কৰে বিমল বৰাই ৷  

আনহাতে, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই শ’লগুৰি পঞ্চায়তৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে এই আটকধুনীয়া অতিথিশালা নিৰ্মাণৰ জৰিয়তে শ’লগুৰি টিপমীয়া গাঁও পঞ্চায়তে(Salaguri Panchayat Tingkhong) সমগ্ৰ ৰাজ্যৰ ভিতৰতে এক নজিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে ৷ আন আন পঞ্চায়তৰ সভাপতিসকলকো এই অতিথিশালাটো এবাৰ চাই যোৱাৰ আহ্বান বিধায়ক গোৱালাৰ ৷ টিংখাং সমষ্টিত মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত উন্নয়নৰ যাত্ৰা তৰান্বিত হোৱা বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷  

ইফালে, এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে টিংখাং উন্নয়ন খণ্ড বিষয়া তাপশ্ৰী দেৱনাথ , শ’লগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা চাংমাইকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি । এই অতিথিশালাটো বিভিন্ন কাম-কাজৰ বাবে সহায়ক হ’ব বুলি উল্লেখ কৰে পঞ্চায়ত সভাপতি সীমা চাংমাইয়ে ৷ 

লগতে পঢ়ক: Bhabesh Kalita on child marriage: কংগ্ৰেছ দলে অপ-সংস্কৃতি ভাল বুলি ক’বলৈ চেষ্টা কৰিছে: ভৱেশ কলিতা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.