thumbnail

By

Published : Aug 18, 2023, 10:47 PM IST

ETV Bharat / Videos

Commonwealth Judo Championship 2023: কমনৱেলথত ৰূপৰ পদক আঁজুৰিলে পল্লৱজ্যোতি গোহাঁইয়ে

মৰাণ, 18 আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অসম সন্তানৰ দপদপনি । পুনৰ কমনৱেলথ গেমছত পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে চাবুৱাৰ পল্লৱজ্যোতি গোহাঁইয়ে । দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা Commonwealth Judo (জুডো) Championship 2023 ত অসমৰ ডিব্ৰুগড় চাবুৱাৰ পল্লৱজ্যোতি গোহাঁইয়ে ৰূপৰ পদক লাভ কৰে ৷ চাবুৱাৰ জেৰাই গাঁৱত ঘৰ পল্লৱজ্যোতি গোহাঁইৰ।

জানিব পৰা অনুসৰি দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ২০২৩ Commonwealth Judo (জুডো) Championship ত অসম তথা উত্তৰপূৰ্বাঞ্চলৰ পৰা একমাত্ৰ পল্লৱজ্যোতি গোহাঁইয়ে অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছিল ৷ শুকুৰবাৰে ৰাজ্যৰ লগতে অঞ্চলৰ নাম উজ্বলাই পল্লৱে নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে চাবুৱাৰ গৃহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজে বিপুল আদৰণি জনায় পল্লৱজ্যোতিক ৷

লগতে পঢ়ক: Durand Cup 2023: ঐতিহাসিক ডুৰাণ্ড কাপত অনাহুত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.