Gamosa Controversy: গামোচাক বিকৃত ৰূপ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ - পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2023, 12:03 PM IST

মৰাণ, 28 মাৰ্চ: অসমীয়াৰ স্বাভিমান গামোচাক চৰকাৰী পৃষ্ঠপোষকতাত বিকৃত কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু বিতৰ্ক ৷ এই কাৰ্যক চৌদিশে একেমুখে ধিক্কাৰ দিছে সকলোৱে(Gamosa Controversy) ৷ ইতিমধ্যে গামোচাক বিকৃত কৰাৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰো ৷ অসমীয়াৰ আৱেগৰ গামোচাখন অপমান কৰি অসমীয়াৰ মান-মৰ্যদা তথা জাতিটোৰ স্বাভিমান আৰু সংস্কৃতিক আঘাত সানিছে বুলি এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Assamese Gamosa controversy) ৷

গামোচা বিতৰ্ক সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বয়ন শিল্পী, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই ৷ তাত শাঁলত বহি চাৰিখনকৈ ধৰ্মগ্ৰন্থ তাঁতশালত বৈ উলিওৱা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই এই ঘটনাক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Hemprabha Chutia reacts to gamosa controversy) ৷  

অসমীয়াৰ স্বাভিমানৰ গামোচাক বিকৃতকৰণ কৰা কাৰ্যত মন্ত্ৰী-বিধায়কক সহযোগিতা নকৰিবলৈ আহ্বান পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ ৷ লগতে এই ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈয়ো চৰকাৰক আহ্বান জনালে বিশিষ্ট বয়ন শিল্পী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.