Powerloom gamochas ban in Assam : বহিঃৰাজ্যৰ গামোচা নিষিদ্ধ কৰাত আনন্দিত পদ্মশ্ৰী সন্মানপ্ৰাপক শিপিনী হেমপ্ৰভা চুতীয়া - পদ্মশ্ৰী সন্মানপ্ৰাপক শিপিনী হেমপ্ৰভা চুতীয়া
🎬 Watch Now: Feature Video

ডিব্ৰুগড়, 6 মাৰ্চ : বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচাই এক প্ৰকাৰৰ বজাৰ দখল কৰি আহিছিল অসমৰ । যিকোনো অনুষ্ঠানত কেৱল বহিঃৰাজ্যৰ গামোচাৰে অনুষ্ঠান সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছিল । যাৰ পৰিপ্ৰেক্ষিতত হস্ত তাঁতশালৰ শিপিনীসকল সমস্যাত পৰিবলগীয়া হৈছিল । কিন্তু অলপতে অসম চৰকাৰে বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচা, মেখেলা চাদৰ আদি অসমত বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে আনন্দিত হৈ পৰিছে অসমৰ হস্ত তাঁতশালৰ শিপিনীসকল (Powerloom gamochas ban in Assam) ।
মৰাণত হস্ত তাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিওৱা শিপিনী তথা পদ্মশ্ৰী সন্মানপ্ৰাপক হেমপ্ৰভা চুতীয়াই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় । তেওঁ কয় যে চৰকাৰে অসমীয়া শিপিনীক আদৰণি জনাইছে । শিপিনীসকলে অনেক কষ্ট স্বীকাৰ কৰি গামোচা বৈ উলিয়ায় । কিন্তু বহিঃৰাজ্যৰ গামোচা বিলাক কম দামতে দোকানত উপলব্ধ হোৱাৰ বাবে স্থানীয় শিপিনীসকলে বজাৰ দখল কৰিব পৰা নাছিল, ফলত স্থানীয় বজাৰতে বিক্ৰী কৰিব পৰা নাছিল গামোচা (Padmashree Hemprabha Chutia reacts on band of powerloom clothes ) ।
লগতে পঢ়ক : Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী
চৰকাৰক এই পদক্ষেপ কঠোৰ ভাৱে বলবৎ কৰিবলৈ পদ্মশ্ৰী সন্মান প্ৰাপকগৰাকীয়ে আহ্বান জনায় ।