Constituency Delimitation: অসম বিধানসভাত খিলঞ্জীয়া মুছলমানৰ কোনো প্ৰতিনিধি নাই ; পদ্মশ্ৰী ইলিয়াচ আলী - ডাঃ ইলিয়াছ আলী
🎬 Watch Now: Feature Video
গুৱাহাটী ২১ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত পদ্মশ্ৰী বঁটা প্ৰাপক ইলিয়াচ আলীৰ প্ৰতিক্ৰিয়া ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত এক প্ৰকাৰে সহমত প্ৰকাশ কৰিছে বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলীয়ে । অসম বিধানসভাত খিলঞ্জীয়া মুছলমানৰ কোনো প্ৰতিনিধি নাই বুলি উল্লেখ কৰি অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত আন কোনো জনগোষ্ঠীৰ হানি নোহোৱাকৈ অতি কমেও দুটা সমষ্টি সংৰক্ষণৰ কৰাৰ দাবী বিশিষ্ট চিকিৎসকগৰাকীৰ ৷
তেওঁ কয় যে অসমৰ বহুকেইটা সমষ্টিত খিলঞ্জীয়া অসমীয়া মুছলমানে বাস কৰে ৷ সকলো জাতীয় সংগঠন-জনগোষ্ঠীৰ লগত আলোচনা কৰিহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান ইলিয়াচ আলীৰ ৷ হাজো, ৰঙিয়া, নগাওঁ, নগাওঁ সদৰ, বঢ়মপুৰ, শিৱসাগৰ, নাজিৰা, আমগুৰি আদি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি থলুৱা মুছলমানক গুৰুত্ব দিয়াৰ বাবে অনুৰোধ চিকিৎসকগৰাকীৰ ৷
ইয়াৰ জৰিয়তে থলুৱা মুছলমানসকলৰ উন্নতিত যথেষ্ট সহায় হ’ব বুলি উল্লেখ কৰি মুছলমানক বাদ দি সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰিবলৈ আহ্বান জনা বিশিষ্ট চিকিৎসকগৰাকীয়ে ৷
লগতে পঢ়ক: Constituency Delimitation: শিৱসাগৰ জিলাৰ পৰা আহোমসকলক বিচ্ছিন্ন কৰাৰ বিৰোধিতা অখিল গগৈৰ