Eye infection in Assam:খোৱাঙত কনজাংকটিভাইটিছত আক্ৰান্ত ছাত্ৰ-ছাত্ৰী - খোৱাঙত কনজাংকটিভাইটিছত আক্ৰান্তৰ ভিৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-08-2023/640-480-19221456-thumbnail-16x9-sss-aspera.jpg)
মৰাণ, ৯ আগষ্ট:ডেংগু, এনকেফেলাইটিছ ৰোগৰ ভয়াবহ ৰূপৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ জিলা মৰাণতো চকুৰ সংক্ৰমিত ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে ৷ ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল কম-বেছি পৰিমাণে আক্ৰান্ত হৈছে চকুৰ এই ৰোগত ৷ চিকিৎসা বিজ্ঞানত এই ৰোগক কনজাংকটিভাইটিছ বুলি কোৱা হয় ।
খোৱাং জনতা হাইস্কুলৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ আক্ৰান্ত হোৱাৰ পাছতে তেওঁলোকে খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰে ৷ অৱশ্যে এই চকুৰ ৰোগক লৈ শংকিত নহ'বলৈ আহ্বান জনাইছে চিকিৎসকে ৷
খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ ঔষধ মজুত আছে বুলি উল্লেখ কৰি চিকিৎসালয়খনৰ চিকিৎসকে ছাত্ৰ-ছাত্ৰীসকলক সতৰ্কতা অৱলম্বণ কৰিবলৈ আহ্বান জনাইছে ৷ হাত-মুখ পৰিস্কাৰ-পৰিচন্নভাৱে ৰখাৰ লগতে চকুত পৰাপক্ষত ক'লা চশমা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে চিকিৎসকে ৷