শিলাবৃষ্টিৰ ফলত আমগুৰিত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু এগৰাকী মহিলাৰ
🎬 Watch Now: Feature Video
Published : Dec 14, 2023, 2:49 PM IST
আমগুৰি, ১৪ ডিচেম্বৰ : প্ৰৱল বৃষ্টিপাতেই কাল হ’ল এগৰাকী মহিলাৰ বাবে । আমগুৰিত শিলাবৃষ্টিৰ আতংকময় পৰিৱেশত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় এগৰাকীৰ মহিলাৰ ৷ আমগুৰিৰ পাটৰ গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ মৃত মহিলাগৰাকীৰ নাম সৰুৱাই পাটৰ ৷
সকলোৰে জ্ঞাত যে, উজনিৰ ভিন্ন প্ৰান্তত বুধবাৰে নিশা হঠাৎ আহে এজাক প্ৰচণ্ড শিলাবৃষ্টি ৷ এই শিলাবৃষ্টিৰ ফলত শিৱসাগৰ, ডিব্ৰুগড়ৰ লগতে উজনিৰ ভিন্ন প্ৰান্তত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় ৷ শিলাবৃষ্টিৰ প্ৰকোপ ইমানেই দ্ৰুত আছিল যে আমগুৰিৰ কেবাটাও ঘৰৰ টিনপাত ফুটি চালনি সদৃশ হৈ পৰে ।
এই প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিৰ ফলতেই আমগুৰিৰ পাটৰ গাঁৱৰ সৰুৱাই পাটৰ নামৰ মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে ৷ তাৰ পাচতেই ততাতৈয়াকৈ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় মহিলাগৰাকীক ৷ মহিলাগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসকে নিশাই ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ কিন্তু নিশাই মৃত্যু হয় মহিলাগৰাকীৰ ।
লগতে পঢ়ক : শীতৰ মাজতে খোৱাঙত প্ৰচণ্ড শিলাবৃষ্টি ; শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন