Special school in Nazira: PM Shri আঁচনিত অন্তৰ্ভুক্ত নাজিৰাৰ বিদ্যালয় - PM Shri আঁচনিত অন্তৰ্ভুক্ত নাজিৰাৰ বিদ্যালয়
🎬 Watch Now: Feature Video
শিৱসাগৰ, ৬ আগষ্ট: শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ এখন বিশেষ চৰকাৰী প্ৰাথমিক বিদ্যালয়ে দৃষ্টি কাঢ়িছে সকলোৰে । ১৯৫৯ চনতে স্থাপিত নামতিৰ ‘‘৮০৬ নং কৰুণাসাগৰ নিম্ন প্ৰাথমিক বিদ্যালয়’’ নামৰ এই বিদ্যালয়খনে ধাৰাবাহিকভাৱে অক্ষুন্ন ৰাখিছে শৈক্ষিক সফলতা ।
বৰ্তমান প্ৰায় ২৪৬ জন ছাত্ৰ-ছাত্ৰীসহ বিদ্যালয়খনে আগবঢ়াই আহিছে ধাৰাবাহিকভাৱে উন্নত ফলাফল । শেহতীয়াকৈ নাজিৰা শিক্ষাখণ্ডৰ একমাত্ৰ বিদ্যালয় হিচাপে বিদ্যালয়খন অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় চৰকাৰৰ নৱতম আঁচনি পি. এম. শ্ৰীত । ‘‘PM Schools for Rising India’’ নামৰ এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ ফলস্বৰূপে বিদ্যালয়খনে ‘‘ৰাষ্ট্ৰীয় শিক্ষা নীতি - ২০২০’’ ৰূপায়ন প্ৰদৰ্শন কৰিব আৰু আদৰ্শ বিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিব ।
লগতে অঞ্চলটোৰ অন্যান্য বিদ্যালয়সমূহকো নেতৃত্ব প্ৰদান কৰিব । নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি বিদ্যালয়খনে এক সমতাপূৰ্ণ, সৰ্বাংগীণ আৰু আনন্দময় পৰিৱেশত উচ্চমানৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোক নেতৃত্ব প্ৰদান কৰিব । প্ৰায় দুই কোটি টকাৰ অৰ্থসাহাৰ্যৰ এই আঁচনিত অন্তৰ্ভুক্ত হৈ ইতিমধ্যে যোৱা ১ আগষ্টৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন কাৰ্যসূচীৰে ‘‘জনভাগীদাৰী অনুষ্ঠান’’ অনুষ্ঠিত কৰে ।
লগতে পঢ়ক: Novel released in Guwahati : ব্যতিক্ৰমৰ উদ্যোগত কমলিকা মজুমদাৰৰ “হেইৰ আই এম" শীৰ্ষক উপন্যাস উন্মোচন