Japanese Encephalitis in Assam: চৰাইদেউত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু - Japanese encephalitis news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-08-2023/640-480-19159873-thumbnail-16x9-kk-aspera.jpg)
মৰাণ, ২ আগষ্ট: চৰাইদেউ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ । জিলাখনত আজি পৰ্যন্ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি আছিল । ইয়াৰে এজন লোকৰ মৃত্যু ঘটিছে জাপানীজ এনকেফেলাইটিছত । এই কথা সদৰি কৰিছে চৰাইদেউ জিলাৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকীয়ে ।
চৰাইদেউ জিলাৰ বাবে অতি ভয়ংকৰ আৰু উদ্বেগজনক বিষয় হ'ল বৰ্তমানলৈ জিলাখনত ৩৬ জনলৈ বৃদ্ধি পাইছে এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈ এনকেফেলাইটিছ সদৃশ ৰোগত জিলাখনৰ ৪ জন লোকৰ মৃত্যু ঘটিছে বুলিও সদৰি কৰিছে বিষয়াগৰাকীয়ে । সেয়েহে তেওঁ চৰাইদেউ জিলাৰ ৰাইজক সজাগ আৰু স্বাস্থ্যৰ যত্ন ল'বলৈ আহ্বান জনাইছে । উল্লেখযোগ্য যে, ক'ভিড মহামাৰীৰ পাছত এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকেফেলাইটিছ ৰোগে ভয়ংকৰ ৰূপ হৈছে ।
লগতে পঢ়ক :Japanese Encephalitis in Assam: বিশ্বনাথত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু