thumbnail

By

Published : Dec 22, 2022, 9:15 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Illegal liquor seized: বৰমাত অবৈধ সুৰাসহ আটক এজন

অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বাক্সা আৰক্ষীৰ (Operation against illegal wine) ৷ বুধবাৰে পুনৰ এক অভিযান চলাই 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা (Illegal liquor seized at Barama) ৷ লগতে আটক কৰে অনুপ পাঠক নামৰ এজন যুৱকক ৷ জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বাক্সা জিলাৰ বৰমা আৰক্ষীয়ে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত AS 01 FH 7735 নম্বৰৰ বিলাসী বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ লগতে বাহনখনৰ চালক অনুপ পাঠকক আটক কৰে ৷ কদমতলৰ পৰা নলবাৰী অভিমুখে গৈ থকা সময়তে আৰক্ষীয়ে বাহনখন জব্দ কৰে (Illegal liquor seized in Baka) ৷ আটকাধীন অনুপ পাঠকৰ ঘৰ নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত নিজ নমাটিত ৷ তিনি মাহ পূৰ্বেও এইগৰাকী যুৱকে অবৈধ সুৰা কঢ়িয়াই নিয়াৰ অপৰাধত জেললৈ গৈছিল ৷ সুৰাসহ আটক কৰা যুৱকজনক বৰমা আৰক্ষীয়ে আবকাৰী বিভাগক চমজাই দিয়ে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.