Wild Elephant Menace: নগাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - Wild Elephant Menace
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-09-2023/640-480-19639398-thumbnail-16x9-elphnt-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 29, 2023, 4:47 PM IST
নগাঁও,২৯ ছেপ্টেম্বৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত হাতী-মানুহৰ সংঘাত । বন্যহস্তীৰ উপদ্ৰৱত বহু নিৰীহে প্ৰাণ হেৰুৱাৰ উপৰিও বহু পৰিয়ালে হেৰুৱাইছে ঘৰ-বাৰী । খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলৈ ওলাই আহি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে । বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বিভিন্ন প্ৰান্তৰ ৰাইজে ।
নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাতো ভয়ংকৰ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে । বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ললে এজন লোকে । কাৰ্বি আংলং সীমান্তৱৰ্তী বালিজুৰিৰ পুলি বাগানৰ এক দুৰ্গম এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনাটি । মৃত্যু হোৱা লোকজনৰ নাম মণিৰাম খাকলাৰী বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীলৈ বন বিভাগৰ লোক ৰাওনা হৈ ঘটনাটিৰ বুজ লয় । বৰ্তমানেও ঘটনাস্থলীত এটা বনৰীয়া হাতীৰ জাকে বিচৰণ কৰি থকাৰ সন্দেহ কৰিছে বন বিভাগৰ লগতে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: World Heart Day 2023: হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ আমি কিদৰে ইয়াৰ যত্ন লোৱা উচিত ? চিকিৎসকৰ পৰা জানি লওক