Wild elephant attack:বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, আহত শিশু - উন্মত্ত বন্যহস্তী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:13 AM IST

ৰঙাপৰা, 12 অক্টোবৰ : ৰঙাপৰাত বনৰীয়া হাতীয়ে মানুহৰ ওপৰত চলালে আক্ৰমণ ৷ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু ঘটে । আহত হয় এটি শিশু । শোণিতপুৰৰ ৰঙাপৰাত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ শংকিত হৈ পৰিছে ৰাইজ । বনৰীয়া হাতীৰ উপদ্ৰৱত সম্প্ৰতি ৰাইজে দিনে-নিশাই ভীতিগ্ৰস্ত হৈ দিন কটাবলগীয়া হৈছে । বনৰীয়া হাতীৰ আক্ৰমণত উক্ত অঞ্চলটোত পুনৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

নিশা গভীৰ নিদ্ৰাত থকাৰ অৱস্থাতে এটা উন্মত্ত বন্যহস্তীয়ে ৰঙাপৰাৰ পামবস্তিৰ জুলিয়ানি চাংগাক গচকি হত্যা কৰে । ইফালে আইতাকৰ সৈতে শুই থকা আলবিচ চাংগাৰ ৬ বছৰীয়া কন্যা সংগীতা চাংগা গুৰুতৰভাৱে আহত হয় । ৰঙাপৰাত এই বনৰীয়া হাতীটোৱে বহু সময়ৰে পৰা সৃষ্টি কৰি আহিছে ত্ৰাসৰ । বনৰীয়া হাতীটোৱে পামবস্তিৰ চালনি ভেংৰাৰ বাসগৃহটি ভাঙি পেলায় । বেলি ডুবাৰ পিচতে সৃষ্টি হয় বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু উজাগৰী নিশা কটাবলগীয়া হয় ৰাইজে । ৰঙাপৰা অঞ্চলত মুক্তভাৱে বিচৰণ কৰি থকা বনৰীয়া হাতীটোক বনাঞ্চলৰ দিশে খেদি নিয়াত বনকৰ্মীসকল চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে । উল্লেখ্য যে, চলিত বৰ্ষত শোণিতপুৰ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ তিনিটা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে ।

লগতে পঢ়ক : Man elephant conflict: কলিয়াবৰত নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.