Japanese encephalitis: টিংখাঙত জাপানিজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ, এজন ছাত্ৰৰ মৃত্যু অন্য ৮ জন আক্ৰান্ত - টিংখাঙত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 15 জুলাই : ডিব্ৰুগড় জিলাৰ টিংখাঙত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ । জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু হয় এগৰাকী ১৩ বছৰীয়া কিশোৰৰ । টিংখাঙৰ ১ নং পোৱালিপথাৰ গাঁৱৰ সঞ্জীৱ মাঝি নামৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ জ্বৰ আৰু প্ৰচণ্ড মূৰবিষৰ লক্ষণে দেখা দিছিল । স্থানীয় ৰাজগড় সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা লোৱাৰ পাচত ১১ জুলাইত উন্নত চিকিৎসাৰ বাবে ছাত্ৰজনক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতে ছাত্ৰজনৰ অকাল বিয়োগ ঘটে ।
আনহাতে নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত টিংখাঙৰ বিভিন্ন প্ৰান্তৰ মুঠ ৮ জন ৰোগীৰ শৰীৰত জাপানিজ এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে । আটাইকেইজন ৰোগী ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে । জটিল ৰোগবিধৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে টিংখাঙৰ বিভিন্ন স্থানত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগৰ বিষয়াই ।
লগতে পঢ়ক : One dies of Japanese Encephalitis: বানৰ সমান্তৰালকৈ মাৰাত্মক ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে