Road Accident: শোকাৱহ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণহীন বাহনে মহতিয়ালে প্ৰাতঃভ্ৰমণকাৰীক - শোকাৱহ পথ দুৰ্ঘটনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2023, 10:07 PM IST

বিলাসীপাৰা, 27 জুন : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷  এই দুৰ্ঘটনাত থিতাতে নিহত হয় চিৰাকুটা 1ম খণ্ড গাঁৱৰ আবুল হামিদ (52) ৷ পুৱাতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে প্ৰাতঃ ভ্ৰমণ কৰি থাকোঁতে পিচফালৰ তীব্ৰ বেগী বেলেন’ বাহনখনে খুন্দিয়াই দিয়েহি ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বিলাসীপাৰাৰ পৰা অভয়াপুৰী অভিমুখে গৈ আছিল। দুৰ্ঘটনা সংঘটিত কৰি বাহনখন পানীত পৰে ৷  বেলেন’ বাহনখনৰ নম্বৰ হৈছে- AS 19R 9403 ৷ বেলেন’খনত তিনিগৰাকী যাত্ৰী আছিল যদিও তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। 

ঘটনাস্থলীত শালকোচা আৰক্ষী দল উপস্থিত হৈ বেলেন’ বাহনখন উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Youth body recovered: এমাহৰ অন্তত অৰ্ধগলিত অৱস্থাত নলাত উদ্ধাৰ আমিনুৰৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.