Tragic road mishap : ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন - One death in Road accident
🎬 Watch Now: Feature Video


Published : Sep 14, 2023, 4:13 PM IST
নলবাৰী, 14 ছেপ্টেম্বৰ : নলবাৰীৰ কাপলাবড়ীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ হাজোৰ দৌলাশাল পথৰ কাপলাবড়ীত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি । এই পথ দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয় আৰু এজন লোক গুৰুতৰভাৱে আহত হয় ।
এখন ই-ৰিক্সা আৰু এখন চাৰিচকীয়া এল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত থিতাতে নিহত হয় ই-ৰিস্কাখনৰ যাত্ৰী মমতাজ আলী আৰু আহত হয় চালক গুলচান্দ আলী ।
লগে লগে দুয়োজনকে স্থানীয় লোকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পৰৱৰ্তী সময়ত আহত ই-ৰিক্সা চালকজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাত পতিত এল্ট’ বাহনখনৰ নম্বৰ AS 01 FH 1727 আৰু ই-ৰিক্সাখনৰ নম্বৰ AS 25 GR 4517 বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: Robbery case: কৰিমগঞ্জত দুধৰ্ষ ডকাইতি; সোণৰ অলংকাৰৰ লগতে নগদ ধন লৈ উধাও ডকাইত