Road accident in Numaligarh: নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পত ডাম্পাৰৰ চেপাত এজনৰ মৃত্যু - পেলনীয়া ভগা ছিগা লোহা
🎬 Watch Now: Feature Video
গোলাঘাট, ১৬ ফেব্ৰুৱাৰী: গোলাঘাট জিলাৰ নুমলীগড়ত অঘটন । নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পত এই অঘটন সংঘটিত হৈছে । জিলাখনৰ নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত নিয়োজিত মাটি কঢ়িওৱা এখন ডাম্পাৰৰ চেপাত বুধবাৰে বিকাশ কোঁৱৰ নামৰ এজন লোক নিহত হয় (Road accident at Numaligarh)। লোকজনে ডাম্পাৰত উঠিবলৈ চেষ্টা কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । ইয়াৰ পিছতেই ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
উল্লেখ্য় যে দৈনিক বিভিন্ন ঠিকা প্ৰতিষ্ঠানৰ শ শ ডাম্পাৰে প্ৰকল্পৰ ভিতৰৰ পৰা বাহিৰলৈ মাটি কঢ়িয়াই আনে ৷ এইদৰে মাটি কঢ়িয়াই আনোতে শোধনাগাৰৰ পেলনীয়া ভগা-ছিগা লোহা আদি মাটিৰ লগত আহে । নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ পৰা ডাম্পাৰ ওলাই অহাৰ লগে লগে স্থানীয় একাংশ লোকে ডাম্পাৰত জপিয়াই পৰে এই লোহাসমূহ সংগ্ৰহ কৰিবলৈ (Incident took place at Numaligarh refinery expansion project)। এইদৰে বহু লোকে দীৰ্ঘদিনৰ পৰা এই লোহা বিক্ৰী কৰি আহিছে ।
নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে এই লোকসকলক এনে কাৰ্যত লিপ্ত নহ'বলৈ সময়ে সময়ে সঁকীয়াই দি আহিছে যদিও তেওঁলোকে বাধা নামানি লোহা সংগ্ৰহ কৰিয়েই আছে । এই প্ৰসংগত ইয়াত নিয়োজিত এজন নিৰাপত্তাৰক্ষীয়ে কয় যে তেওঁলোকক বাধা দিলে আনকি একাংশ লোকে নিৰাপত্তাৰক্ষীকেই প্ৰহাৰ কৰিবলৈ খেদি আহে । কালিও এনে বাধাৰ পিছতো এই কাৰ্য কৰিবলৈ যাওতে লোকজনৰ মৃত্য়ু হয় ।
কালি বিয়লিৰ ভাগত বিকাশ কোঁৱৰ নামৰ ৰজাবাৰীৰ লোকজনে লোহা সংগ্ৰহ কৰিবলৈ ডাম্পাৰত উঠিবলৈ চেষ্টা কৰোতেই পিছলি চকাৰ তলত সোমাই যায় । দেহৰ ওপৰেৰে ডাম্পাৰ পাৰ হৈ যোৱাত বিকাশ কোঁৱৰৰ থিতাতে মৃত্যু হয় ৷ পিছত নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সংঘটিত কৰা AS-02F-3170 নম্বৰৰ ডাম্পাৰখন জব্দ কৰে । আৰক্ষীয়ে লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷