Road accident at Makum: পথ দুৰ্ঘটনা, ডাম্পাৰত খুন্দিয়াই নিহত গৃহৰক্ষী জোৱান - Road accident at Makum

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 10, 2023, 4:19 PM IST

তিনিচুকীয়া, 10 জুন : মাকুম আনন্দবাগত শুকুৰবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Makum) ৷ ৰৈ থকা AR12-9134 নম্বৰৰ এখন ডাম্পাৰত পিচফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে AS-23-X -5013 নম্বৰৰ মটৰ চাইকেল আৰোহী এজনে (One dead in road accident)৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী নিতুল গগৈ ৷ 

মৃত নিতুল গগৈৰ ঘৰ তিনিচুকীয়াৰ লাইপুলিত বুলি জানিব পৰা গৈছে ৷ নিতুল গগৈ ডিগবৈ আই অ চি এলৰ গৃহৰক্ষী বাহিনীৰ জোৱান বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Suicide in Barpeta: কলগাছিয়াত তিনি সন্তানৰ পিতৃৰ চিপলৈ আত্মহত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.