thumbnail

By

Published : Aug 31, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

জোনাইত সোপাধৰাৰ সন্দেহত কৰা গণপ্ৰহাৰে প্ৰাণ ল’লে এজনৰ

উজনি অসমৰ বিভিন্ন ঠাইত সোপাধৰাৰ বাতৰিয়ে আতংকৰ সৃষ্টি কৰাৰ সময়তে জোনাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ প্ৰহাৰত মৃত্যু হ’ল এজন লোকৰ (Mob lynching at Jonai)৷ জোনাইৰ ৰাকুত ককে গাঁৱত বুধবাৰে নিশা মাতৃৰ কোলাৰ পৰা এটি কেচুঁৱাক টানি লৈ যোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হয় (Child kidnaping allegation at Jonai)। ইয়াৰ পাছতে মাতৃগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লোকজনে পলায়নৰ চেষ্টা কৰা বুলি জানিবলৈ দিছে ৰাইজে ৷ লগে লগে কেইবাখনো গাঁৱৰ লোকে লোকজনক খেদি খেদি বৈকুন্ঠপুৰ নামৰ অঞ্চলটোত কৰায়ত্ব কৰে ৷ ইয়াৰ পাছতে কেবাশতাধিক গঞাই লোকজক প্ৰহাৰ কৰাৰ পাছতে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ মৃতপ্ৰায় অৱস্থাত লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে (Dead in mob lynching at Jonai)৷ বৰ্তমানলৈকে লোকজনৰ সঠিক পৰিচয় জানিব পৰা হোৱা নাই ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.