Mosquito net supply scame in BTR: আঠুৱা কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ - কোকৰাঝাৰ আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2023, 10:47 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বিটিআৰত আঁঠুৱা যোগানৰ ভুৱা অৰ্ডাৰৰ(Fake supply orders) নামত দিল্লীৰ ঠিকাদাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা ঘটনাৰ আন এজন অভিযুক্তক শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কোকৰাঝাৰ আৰক্ষীয়ে গোৰেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰে অনছুমা বসুমতাৰী নামৰ লোকজনক ৷ উল্লেখ্য যে, ৩ কোটি ৫০ লাখ টকাৰ আঁঠুৱা যোগানৰ ভুৱা "Work order" দিয়াৰ অভিযোগত দিল্লীৰ অশ্বিনী শৰ্মা নামৰ ঠিকাদাৰজনে কোকৰাঝাৰ সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল । ঠিকাদাৰজনে পঞ্জীয়ন কৰা গোচৰ নং 263/22 U/S120(B) /416 / 420/ 409/ 406/34 IPC ৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ৷ উক্ত গোচৰৰ ওপৰত ভিত্তি কৰি আজি কোকৰাঝাৰ আৰক্ষীয়ে গোৰেশ্বৰৰ পৰা অনছুমা বসুমতাৰী নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে আঁঠুৱা যোগানৰ এই ভুৱা ৱাৰ্ক অৰ্ডাৰ উলিওৱা ঘটনাৰে জড়িত থকাৰ অভিযোগত নলবাৰীৰ ৰূপম ডেকা আৰু অনুপম কলিতাক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.