thumbnail

Minor Rape Case: কিশোৰীক হাত ভৰি বান্ধি চাহ বাগিচাৰ মাজত ধৰ্ষণ

By

Published : Feb 5, 2023, 9:12 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

মৰাণ, ৫ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ লাহোৱালত সমাজক লজ্জানত কৰা ভয়ংকৰ ধৰ্ষণকাণ্ড পোহৰলৈ আহিছে । তিনিদিন চাহ বাগিচাৰ মাজত লুকুৱাই ৰাখি ওৰে নিশা ১৪ বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰি পেলাই থৈছিল ভাইজান আলি নামৰ এটা পাষণ্ডই । লাহোৱাল সমষ্টিৰ অন্তৰ্গত বেবেজিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা(Rape case in Dibrugarh) ।

জানিব পৰা অনুসৰি ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত ১৪ বছৰীয়া কিশোৰীগৰাকী দোকানলৈ গৈছিল । সেই সময়তেই নিৰ্জনতাৰ সুযোগ লৈ পথৰ পৰা ভাইজান আলিয়ে মুখত সোপা মাৰি ওচৰত থকা বাগানলৈ চোঁচৰাই নিয়ে আৰু বাগানৰ ভিতৰত হাত ভৰি বান্ধি উপৰ্যুপৰি ধৰ্ষণ কৰে(Rape case at Lahowal) । ইফালে কিশোৰীগৰাকী ঘৰলৈ উভতি নোযোৱাত মাতৃয়ে বিচাৰি আহি শনিবাৰে নিশা অচেতন অৱস্থাত তেওঁৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে কিশোৰীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ।

ইফালে মূল অভিযুক্ত ভাইজান আলিক আটক কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে(One arrested for allegedly raping minor) । দেওবাৰে বিয়লি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত ডিব্ৰুগড় আৰু লাহোৱাল আৰক্ষীৰ এটা বৃহৎ দলে মূল অভিযুক্ত ভাইজান আলিক লগত লৈ ঘটনাস্থলী পৰিদৰ্শন কৰি অধিক তথ্যৰ বাবে অভিযান চলায় । মূল অভিযুক্ত ভাইজান আলিয়ে নিজেই এই ঘটনা সংঘটিত কৰা বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে(Minor Rape accused arrested in Dibrugarh) ।

আৰক্ষীয়ে তদন্তৰ খাতিৰত আন এজনক আটক কৰিছিল যদিও তেওঁ ঘটনাৰ লগত জড়িত নহয় বুলি মূল অভিযুক্ত ভাইজান আলিয়ে জানিবলৈ দিছে । অভিযুক্ত ভাইজান আলিৰ ঘৰ লাহোৱালৰ বেবেজীয়াত বুলি জানিব পৰা গৈছে । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ডিব্ৰুগড়ত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Sentence in a minor rape case: কোকৰাঝাৰত নাবালিকা ধৰ্ষণৰ গোচৰৰ শাস্তিৰ ৰায়দান

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.