ETV Bharat / state

বিদ্যালয়লৈ ওলাই গৈ কোনোদিনেই উভতি নহাৰ বাটেৰে গুচি গ’ল পিতৃ-কন্যা - TWO KILLED ROAD ACCIDENT

বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা । পথৰ কাষতে পৰি ৰ'ল হেলমেট, বাইকসহ পিতৃ-কন্যাৰ নিথৰ দেহ ।

Father and daughter killed in tragic road accident in Bongaigaon
আল্ট্ৰা বাছে কাঢ়ি নিলে পিতৃ-কন্যাৰ জীৱন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 3:54 PM IST

বঙাইগাঁও: বিদ্যালয়লৈ যোৱা নহ'ল শিক্ষক পিতৃ তথা কন্যাৰ । পথৰ কাষতে পৰি ৰ'ল হেলমেট, বাইকসহ পিতৃ কন্যাৰ নিথৰ দেহ । বঙাইগাঁও জিলাৰ তালগুৰিৰ নিত্যবজাৰস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা । আল্ট্ৰা বাছে মহতিয়াই নিলে বাইকত থকা পিতৃ-কন্যাক । মৰ্মান্তিক দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা । তীব্ৰ বেগী আল্ট্ৰা বাছখনে বাইকখনক মহতিয়াই নিলে ৰৈ থকা লোৰ পাইপ ভৰ্তি ট্ৰেইলাৰ এখন তীব্ৰ বেগত খুন্দা মাৰে । ফলত থিতাতে নিহত হয় বাইক আৰোহী শিক্ষক নাছিৰ উল্লাহ আহমেদ আৰু তেখেতৰ একমাত্ৰ কন্যা শ্বাহানাজ আহমেদ ।

জানিব পৰা মতে দুয়ো বঙাইগাঁও জিলাৰ নিজ বাসভৱন শালবাৰীৰ পৰা ধুবুৰী জিলাৰ বহলপুৰৰ SFS বিদ্যালয়লৈ গৈ থকা অৱস্থাত সংঘটিত হয় উক্ত ভয়াৱহ পথ দুৰ্ঘটনাটো । নিহত শিক্ষকজন বিদ্যালয়খনৰ শিক্ষক হিচাপে কৰ্মৰত থকাৰ সমান্তৰালভাৱে কন্যাগৰাকী উক্ত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে । আল্ট্ৰা বাছখনৰো কম বেছি পৰিমানে কিছু যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে ।

আল্ট্ৰা বাছে কাঢ়ি নিলে পিতৃ-কন্যাৰ জীৱন (ETV Bharat Assam)

উল্লেখযোগ্য যে আল্ট্ৰা বাছৰ দৌৰাত্মৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা অভিযোগ । বাছখন ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল । উক্ত দুৰ্ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, উত্তেজিত ৰাইজে আল্ট্ৰা বাছখন জ্বলাই দিয়াৰ লগতে দুই ঘন্টাজুৰি ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰে । ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হয় । দুৰ্ঘটনাগ্ৰস্থ আল্ট্ৰা বাছখনৰ নম্বৰ AS17B 7690, বাইকখনৰ নম্বৰ AS19B 4979 আৰু ট্ৰেইলাৰখনৰ নম্বৰ NL 01AB 1509 ।

অৱশেষত ঘটনাস্থলীত বঙাইগাঁও জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ ৰাইজক আশ্বস্ত কৰি পৰিৱেশ শান্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ চোৱা মুকলাই দিয়ে । পিতৃ কন্যাৰ মৃত্যুৰ খৱৰৰ পিছতে সমগ্ৰ অঞ্চলজুৰি শোঁকৰ ছাঁ পৰে । আনপিনে পৰিবহণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বাৰম্বাৰ স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ আৰু ঠেক হোৱাৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে অৱগত কৰাৰ পিছত ও গুৰুত্ব প্ৰদান নকৰাৰ বাবে তীব্ৰ ক্ষোভ উজাৰে ৰাইজে ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত বেহাৰবাৰী আউটপোষ্টৰ "তৰামাই"

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰসহ আন এগৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.