গুৱাহাটী : বিয়াগোম কেলেংকাৰিত অভিযুক্ত বৃহৎ উদ্যোগপতি গৌতম আদানীৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে থকা গোপন সম্পৰ্কৰ যুটীয়া সংসদীয় কমিটীৰ তদন্ত দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি যুটীয়া সংসদীয় কমিটীৰ তদন্ত লগতে গৌতম আদানীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
অসমত গৌতম আদানীৰ দুটা বৃহৎ কেলেংকাৰি হোৱাৰ কথা সদৰী কৰি ভূপেন বৰাই কয়, "আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে গৌতম আদানীক দুই হাজাৰ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত কৰিছে । আনহাতে উচ্চতম ন্যায়ালয়েও গৌতম আদানীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে । কিন্তু ইয়াৰ পাছতো মুকলি আকাশৰ তলত আছে গৌতম আদানী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবেই আদানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হোৱা নাই ।’’
‘‘আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰধানমন্ত্ৰীয়ে আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে । সৌৰশক্তি বিক্ৰী কৰিবৰ বাবে গৌতম আদানীয়ে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ বিষয়াসকলক ২০০০ কোটি টকা ঘোচ দিছিল ।’’ বৰাই কয় ৷
‘‘চৰকাৰৰ আদানীৰে প্ৰত্যক্ষ লেন-দেন থকা বাবেই এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । আদানীৰ টকাৰেই বিজেপিয়ে বেলেগ বেলেগ ৰাজ্যত চৰকাৰ ভঙা পতা কৰে তথা নিৰ্বাচনত ব্যয় কৰে ।" তেওঁ কয় ৷
গৌতম আদানীৰ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ তথা দেশৰ সবাতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী । এইগৰাকী মুখ্যমন্ত্ৰীৰ মৰিচাচৰ 'এজিউৰ' কোম্পানীৰে সম্পৰ্ক আছে আৰু ইয়াৰ আঁৰৰ মানুহজন হৈছে গৌতম আদানী । অসমত এজিউৰ গ্ৰুপে ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছে ।’’
‘‘লক্ষণীয় বিষয় যে পূৰ্বতেই আদানী গ্ৰুপৰ পৰা এক মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ বাবদ ২৫ লাখ টকা ঘোচ দিয়াৰ ঘটনা পোহৰলৈ আহিছিল । আনহাতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী অসমলৈ আহিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল । ইয়াৰ পাছত ২০২২ চনৰ জুলাই মাহত এজিউৰ গ্ৰুপে অসমত ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল ।’’ ভূপেন বৰাই কয় ৷
‘‘অসম চৰকাৰে আদানী গ্ৰীণ আৰু এজিউৰ গ্ৰুপৰে চুক্তি কৰিছিল । চুক্তি অনুসৰি ২৫ বছৰৰ বাবে এ পি ডি চি এলে তেওঁলোকৰ পৰা সৌৰশক্তি ক্ৰয় কৰিব । অৰ্থাৎ অসমৰ ৰাইজে ২৫ বছৰৰ বাবে আদানীৰ পৰা অধিক মূল্যত সৌৰশক্তি ক্ৰয় কৰিব লাগিব । আমি কংগ্ৰেছ দলে অসমত চলি এজিউৰ গ্ৰুপৰ সৌৰশক্তি প্ৰকল্পক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছো ।" বৰাই কয় ৷
অসমত আদানীৰ আন এটা প্ৰকল্পৰ প্ৰসংগ উত্থাপন কৰি ভূপেন বৰাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠালাংছুত জনজাতি লোকৰ বসতি থকা ৭০০০ বিঘা ভূমি গৌতম আদানীক দিব বিচাৰিছে । চিমেণ্ট ফেক্টৰীৰ বাবে গৌতম আদানীক ভূমিখিনি দিব বিচৰা হৈছে । অসমত আদানীৰ এই দুয়োটা দুৰ্নীতিৰ আমি কংগ্ৰেছ দলে যুটীয়া সংসদীয় কমিটীৰ তদন্ত দাবী কৰিছো । লগতে আদানীৰ গ্ৰেপ্তাৰ দাবী কৰিছো ।"
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, ‘‘মই হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী বুলি কওঁ ৷ এই ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়ো তেওঁ অন্য এখন ৰাজ্যত মাহৰ পাচত মাহ ধৰি বহি আছে ৷ তাত তেওঁক ভাষণ দিবলৈ মতা নাই ৷ অসমত দুৰ্নীতি কৰি ঘটা ক’লা ধন ৰাজস্থানলৈ নি তাত বিজেপিক জিকাবলৈ ব্যৱহাৰ কৰা হৈছে ৷’’
উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে ।