ETV Bharat / state

৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি তুংগত - 402ND CENTRAL LACHIT DAY

Lachit Day:পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় লাচিত দিৱস ।

Central Lachit Day preparation
কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 4:05 PM IST

মৰাণ : অসমীয়াৰ সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটো 'লাচিত দিৱস' হিচাপে পালন কৰি অহা হৈছে । শেহতীযাকৈ মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বক গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰে এই দিৱস বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰিছে । ৰাজ্য় চৰকাৰে এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰিব 'কেন্দ্ৰীয় লাচিত দিৱস' ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চ,অসমৰ যুটীয়া উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবামবাসী ৰাইজৰ সহযোগত মৰাণৰ পথালিবামত আয়োজিত ৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি তুংগত । পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিতব্য় এই দিৱসৰ বাবে যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।

কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি (ETV Bharat Assam)

সিদিনা পুৱা পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচী আৰম্ভ হ'ব । ইয়াৰ পিছতে অনুষ্ঠিত হ'ব ক্ৰমে পতাকা উত্তোলন,লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন, মৈদাম তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । বিয়লি মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব ।

মুকলি সভাত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই মুখ্য অতিথি আৰু সাংসদ ৰামেশ্বৰ তেলীৰ লগতে মন্ত্ৰী যোগেন মহনে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব । বিধায়ক প্ৰশান্ত ফুকন,বিনোদ হাজৰিকা,পোনাকন বৰুৱা,তৰংগ গগৈ,তেৰছ গোৱালা আৰু সুশান্ত বৰগোহাঁই উপস্থিত থাকিব লগা মুকলি সভাখনত কেইবাজনো জাতীয়-জনগোষ্ঠীয় নেতাই অংশগ্ৰহণ কৰিব ।

১০ জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান হ'ব প্ৰদৰ্শিত :

উদ্যোগতা সকলে সদৰী কৰা অনুসৰি ১০ জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ'ব লাচিত দিৱসত । কছাৰী,মিছিং,টাই আহোম,সোণোৱাল কছাৰী,দেউৰী,আদিবাসীকে ১০ টা জনগোষ্ঠীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব । লাচিত বৰফুকনৰ বীৰত্বক লৈ এখন নাটকো কৰা মঞ্চস্থ হ'ব ।

লগতে পঢ়ক:লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত বীৰ লাচিত সেনাৰ 4 জন নেতা

জাতীয় সংগঠনক ধন দিব নোৱাৰি প্ৰতিবাদত নামিল ব্যৱসায়ী সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.