thumbnail

By

Published : Jan 9, 2023, 4:52 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Oil thief arrested: টীয়ক আৰক্ষীৰ জালত দুই তেল চোৰ

পুনৰ তেল চুৰি কাৰ্যৰ লগত জড়িত দুই যুৱকক টীয়ক আৰক্ষীয়ে মৰিয়নিৰ দেবেৰাপাৰা চাৰিআলিৰ গ্ৰেপ্তাৰ কৰে (Oil Thief arrested in Teok) । গ্ৰেপ্তাৰ কৰা তেল চোৰ দুটা ক্ৰমে গিয়াছ বৰা আৰু মাইনুদ্দিন আহমেদ বুলি জানিবপৰা গৈছে (Two oil thieves arrested in Teok) । উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় এমাহৰ পূৰ্বে টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত আৰক্ষীয়ে এখন অবৈধ তেলৰ পৰিবাহী টেংকাৰসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই চক্ৰটোৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছিল (Mariani police against oil thieves) । যোৱা ৩১ ডিচেম্বৰৰ নিশা নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আৰু এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ আজি কিছু দিনৰ পূৰ্বে গোলাঘাট জিলাৰ খটখটীৰ আৰক্ষীৰ সহযোগত আৰু এখন পানী টেংকাৰসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল । সোমবাৰে পুনৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.