গোৱালপাৰাত ২০ হেজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কৃষি বিষয়া - Corrupted officer
🎬 Watch Now: Feature Video


Published : Jan 5, 2024, 8:03 PM IST
গোৱালপাৰা, ৫ জানুৱাৰী : ৰাজ্য়ত অব্য়াহত আছে হাত দাঙি ৰঙাঘৰত সোমোৱা প্ৰতিযোগিতা । ইয়াৰ মাজতেই গোৱালপাৰাত আজি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰাক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন কৃষি বিষয়াক । জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰাক শাখাৰ এটি দলে শুকুৰবাৰে আবেলি ভাগত অভিযান চলাই কৃষি বিষয়া বুদ্ধেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰে । কৃষি বিষয়া বুদ্ধেশ্বৰ দাসে ২০ হেজাৰ টকা উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰাক শাখাই ।
উল্লেখ্য় যে কৃষি বিভাগৰ এজন ঠিকাদাৰক কাম দিয়াৰ বিনিময়ত কৃষি বিষয়াজনে বিচাৰিছিল ২০ হেজাৰ টকা । ঠিকাদাৰক বিচৰা ধন আজি দিবলৈ লওঁতে পূৰ্বতে খাপ পিটি থকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰকী শাখাৰ বিষয়াই হাতে-লোটে গ্ৰেপ্তাৰ কৰে কৃষি বিষয়া বুদ্ধেশ্বৰ দাসক ।
লগতে পঢ়ক:ৰঙাটাপুৰ সফলতাৰ পিচত আদিত্যম শইকীয়াৰ পৰিচালনাত আহি আছে The Black Umbrella