NPS employees protest: নতুন পেঞ্চন আচনি বাতিলৰ দাবীত যোৰহাটত NPS কৰ্মচাৰীৰ কৰ্মবিৰতি - National Pension Scheme
🎬 Watch Now: Feature Video
যোৰহাট,১০ ফ্ৰেব্ৰুৱাৰী: পুৰণি পেঞ্চন ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত যোৰহাটত অসম চৰকাৰ এনপিএছ অধীনস্থ অসম চৰকাৰৰ কৰ্মচাৰী সমাজৰ কৰ্মবিৰতি (rotest against NPS) । অসম চৰকাৰৰ কৰ্মচাৰীৰ অনিশ্চিত ভৱিষ্যতক লৈ এই প্ৰতিবাদ (NPS employees protest in Assam) ।
যি সময়ত চৰকাৰে ধৰ্ণা,আন্দোলন নোহোৱাকৈ সকলো সমস্য সমাধান কৰাৰ কথা বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে, তেনে সময়তে পুনৰ খোদ অসম চৰকাৰৰ কৰ্মচাৰীয়েই বাধ্য হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ । শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো অসম চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (NPS employees protest in Jorhat) । লগতে এদিনীয়া কৰ্মবিৰতিও পালন কৰে ।
উল্লেখযোগ্য যে নতুন পেঞ্চন নীতিত (National Pension Scheme) অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে পেঞ্চনৰ নামত মাত্ৰ ৫০০/৬০০ টকাকৈ পোৱাৰ ফলত এশ এবুৰি সমস্যাৰ সন্মুখীন হৈ আহিছে । সেইবাবে অসম চৰকাৰৰ এই নতুন পেঞ্চন নীতি বাতিল কৰি চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ দাবী জনাই এই প্ৰতিবাদ আৰু কৰ্মবিৰতি পালন কৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে (Assam govt employees demanded OPS) ।
উল্লেখ্য যে অসমত প্ৰায় তিনি লক্ষাধিক চৰকাৰী কৰ্মচাৰী এনপিএছৰ অধীনত কৰ্মৰত হৈ আছে ৷ যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকে অতি নগণ্য পৰিমাণৰ পেঞ্চন পাবলৈহে সক্ষম হৈছে ৷ ন্যূনতম টকাৰ পেঞ্চন লাভ কৰাও দেখা গৈছে ৷ অৱসৰী জীৱনৰ এনে দুদৰ্শাৰ উপশমৰ বাবে সকলো চৰকাৰী এনপিএছ কৰ্মচাৰীয়ে ঐক্যবদ্ধভাৱে আৰম্ভ কৰা এই সংগ্ৰামত যোৰহাট জিলাৰ সকলো বিভাগৰ কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায় ৷
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পেঞ্চন নীতিক লৈ পূৰ্বৰে পৰা অসন্তুষ্টি ব্যক্ত কৰি আহিছে কৰ্মচাৰীসকলে । এই ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ বিৰোধিতাৰে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ হৈ আহিছে । তাৰ মাজতে আকৌ কেইবাখনো ৰাজ্যই নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি পুনৰ কাৰ্যকৰী কৰিছে ।
লগতে পঢ়ক: Six phone numbers of Assam Police: উৎকোচৰ বিৰুদ্ধে অভিযোগ দিবলৈ অসম আৰক্ষীৰ ছটাকৈ ফোন নম্বৰ