Protest in Hojai: হোজাইত NPS কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ - New Pension Scheme

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:41 PM IST

হোজাই,২২ আগষ্ট: মঙলবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে NPS কৰ্মচাৰীসকলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হোজাইতো চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে ৰূপায়ণ কৰে কৰ্মবিৰতি । NPS বাতিল কৰি OPS বাহাল ৰকাৰ দাবীত হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷  

সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বানত ২২ আৰু ২৩ আগষ্টত সমগ্ৰ ৰাজ্যজুৰি অসম চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী চাকৰিয়ালে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰাৰ আহ্বান জনাইছিল ৷ নতুন পেন্সন নীতি কৰ্তন কৰি পুৰণি পেন্সন ব্যৱস্থা বলবৎ কৰাৰ দাবীত হোজাইৰ NPS কৰ্মচাৰী সন্থাইয়ো 'সৰ্বাত্মক কৰ্মবিৰতি' পালন কৰাৰ বাবে সকলো আঞ্চলিক কমিটিক আহ্বান জনায় ।  

সেই অনুসৰি হোজাইৰ সকলো চৰকাৰী NPS কৰ্মচাৰীয়ে নিজৰ নিজৰ কৰ্মস্থলীত উপস্থিত হৈ সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে ৷ পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈকে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰে অতি শীঘ্ৰে NPS বাতিল কৰি OPS পুনৰ প্রৱৰ্তনৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ।  

লগতে পঢ়ক: NPS workers on strike:কলগাছিয়া হাইস্কুলত এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.