thumbnail

By

Published : Jul 22, 2023, 11:06 AM IST

ETV Bharat / Videos

Manipur Violence : মণিপুৰৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতক লজ্জানত কৰিলে; ড০ নগেন শইকীয়া

ডিব্ৰুগড়, 22 জুলাই : মণিপুৰত সংঘটিত বৰ্বৰ, জঘন্য আৰু বীভৎস কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব । মণিপুৰত দীৰ্ঘদিন ধৰি হৈ অহা গোষ্ঠী সংঘৰ্ষৰ সময়ত মণিপুৰৰ কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ দেশজুৰি ঘটনাই লাভ কৰিছে বিশেষ চৰ্চা । শেহতীয়াকৈ মণিপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই । 

মণিপুৰৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতক লজ্জানত কৰিলে কৰিলে বুলি উল্লেখ কৰাৰ লগতে ইমান দিনে অশান্ত হৈ থকা মণিপুৰৰ পৰিস্থিতি শান্ত কৰিব নোৱাৰাটো চৰকাৰৰ গৃহ বিভাগৰ চূড়ান্ত বিফলতা বুলি মন্তব্য কৰিছে শইকীয়াই । লগতে কয়, এই ঘটনা সংঘটিত কৰাসকল মানুহৰ শাৰীত নপৰে । ব্যক্তিগত স্বাৰ্থ পৰিত্যাগ কৰি কাম কৰিব নোৱাৰিলে দেশ বা ৰাজ্যৰ কেতিয়াও উন্নতি সাধন নহয় । এনে ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকিব ।

লগতে পঢ়ক : Manipur Crisis: মিজোৰামত আশ্ৰয় লোৱা মণিপুৰৰ মেটেইক মিজোৰাম ত্যাগ কৰাৰ আহ্বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.