নামনি অসমত শীঘ্ৰে ৰন্ধন গেছৰ নাটনিৰ আশংকা - North East Packed Transporters Association strike

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 11:36 AM IST

চিৰাং, 4 ডিচেম্বৰ: নামনি অসমত শীঘ্ৰে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰৰে পৰা নৰ্থ ইষ্ট পেকড ট্ৰান্সপোৰ্টাৰ সন্থাই অনিৰ্দিষ্টকালীনভাৱে ৰন্ধন গেছৰ পৰিবহন সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰন্ধন গেছ পৰিবহন কৰাসকলৰ বকেয়া ধন মোকলাই দিয়া, একেখন নিবিদাৰ জৰিয়তে ভিন্ন সুবিধা বন্ধ কৰি একে সুবিধা প্ৰদান কৰা, ৰন্ধন গেছৰ পৰিবহন নিবিদা মাচুল বৃদ্ধি কৰা আদিৰ দাবীত ভাৰতীয় তেল নিগমৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন সময়লৈ বন্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ এলপিজি গেটৰ সন্মুখত ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷

উল্লেখ্য যে, ৰন্ধন গেছৰ পৰিবহন বন্ধ হ’লে নাটনি হোৱাটো একপ্ৰকাৰ নিশ্চিত । কিয়নো ৰাজ্যত প্ৰায়েই ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈ আহিছে ৷ এইদৰে যদি পৰিবহন বন্ধ হৈ পৰে তেন্তে নামনি অসমত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । 

লগতে পঢ়ক: মানুহক সজাগ কৰিবলৈ বাইক লৈ ঘুৰি ফুৰিছে অসম চৰকাৰৰ এজন মন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.