Local gamocha of Assam: বহিৰাগত গামোচা পৰীক্ষাৰ বাবে অসমত নাই পৰীক্ষাগাৰ, মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম - মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম
🎬 Watch Now: Feature Video
গুৱাহাটী, 17 মাৰ্চ : অসমত বহিৰাগত গামোচাৰ পৰীক্ষা কৰাৰ বাবে নাই কোনো পৰীক্ষাগাৰ (No laboratory in Assam for testing for outside gamocha) । এই তথ্য প্ৰকাশ পাইছে কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনে শুকুৰবাৰে বিধানসভাত সোধা এক প্ৰশ্নৰ উত্তৰত । অসমত বহিৰাগত গামোচাৰ পৰীক্ষা কৰাৰ বাবে কোনো পৰীক্ষাগাৰ নথকাৰ বাবে বহিৰাগত গামোচাৰ পৰীক্ষা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ।
উল্লেখযোগ্য যে, বিধানসভাত বৰক্ষেত্ৰীৰ কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনে অসমত বহিৰাগত গামোচাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰে । লগতে জব্দ কৰা গড়ৰ খৰ্গ আৰু অবৈধ ড্ৰাগছ চৰকাৰে জ্বলাই ধ্বংস কৰাৰ নিচিনাকৈ চৰকাৰে জব্দ কৰা বাহিৰৰ গামোচা ধ্বংস কৰাৰ বাবে সদনৰ মজিয়াত আহ্বান জনায় (Outside gamocha calls for destroy)।
এই প্ৰশ্নৰ উত্তৰ দি হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম কয় যে এই ক্ষেত্ৰত চৰকাৰ সচেতন । বহিৰাগত গামোচাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰে প্ৰতিখন জিলাৰ জিলা উপায়ুক্তৰ অধীনত এখনকৈ কমিটী গঠন কৰি দিছে । এই কমিটীবোৰে কাম কৰি আছে । যোৱাবছৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে ১৬ হাজাৰ খন বাহিৰৰ গামোচা জব্দ কৰা হৈছে ।
তেওঁ কয়-" অসমত বহিৰাগত গামোচাৰ পৰীক্ষা কৰাৰ বাবে কোনো পৰীক্ষাগাৰ নাই । যাৰ বাবে বহিৰাগত গামোচাৰ পৰীক্ষা কৰাৰ বাবে কলকাতাক থকা পৰীক্ষাগাৰলৈ পঠাব লাগে । কিন্তু কলকাতাৰ পৰীক্ষাগাৰৰ পৰা কোনো পৰীক্ষা প্ৰতিবেদন পোৱা নায়ায় । যাৰ বাবে বহিৰাগত গামোচাৰ পৰীক্ষা কৰাৰ local analysis ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । তেওঁ লগতে জনায় যে ফাচিবজাৰত বহিৰাগত গামোচাৰ গুদাম থকা বুলি কোনো সংগঠনৰ পৰা এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই ।
লগতে পঢ়ক : Imports of gamucha to Assam: GI টেগ পোৱাৰ পিছতো অসমৰ বজাৰত বাহিৰা গামোচাৰ প্ৰাধান্য