Anganwadi Centres in Rangia: ৰঙিয়াত অসম্পূৰ্ণ অৱস্থাতে ৰ’ল ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম - ৰঙিয়াত অসম্পূৰ্ণ অৱস্থাতে ৰ’ল ১০ টাকৈ আদৰ্শ
🎬 Watch Now: Feature Video
ৰঙিয়া, 19 এপ্ৰিল : ৰঙিয়াত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ভেকোভাওনা চলাৰ অভিযোগ । যোৱা ডেৰ বছৰে সম্পূৰ্ণ হোৱা নাই ৰঙিয়া সমষ্টিৰ ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম এই অভিযোগ আজি ৰঙিয়া প্ৰেছ ক্লাৱত উত্থাপন কৰে শাসনাধিস্থিত বিজেপি-অগপ মিত্ৰজোঁট দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰ্ণৱ ভৰালীয়ে ৷ উল্লেখ্য যে, এগৰাকী বিশেষ ঠিকাদাৰে নিবিদা লাভ কৰিছিল ১১ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম । কেইমাহমান পূৰ্বে মন্ত্ৰী অজন্তা নেওগে এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰিছিল । কিন্তু তাৰ পিছতো আজি ডেৰ বছৰেও সম্পূৰ্ণ নহল ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম । যাৰ বাবে কেইবাটাও জৰাজীৰ্ণ অংগনৱাড়ী কেন্দ্ৰতে পাঠ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কণ-কণ ছাত্ৰ ছাত্ৰীসকল (No development in Anganwadi Centre) ।
ৰঙিয়া প্ৰেছ ক্লাৱত অগপৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে অতি লেহেমীয়া গতিত ১১ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম চলিছে । নিজা মইমতালিৰে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম কৰাৰ ফলত যোৱা ডেৰ বছৰে সম্পূৰ্ণ কৰিব পৰা নাই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰকেইটাৰ কাম । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰাৰ লগতে অতি সোনকালে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰকেইটা সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ভৰালীয়ে (Anganwadi Centres in Rangia)।