Nimati Afolamukh ferry service: বন্ধ হ’ল নিমাতি অফলামুখ ফেৰী সেৱা - ৰাজ্যত হৈ আছে মূষলধাৰ বৰষুণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18121954-thumbnail-16x9-majuli.jpg)
মাজুলী, 30 মাৰ্চ : বিগত কেবাদিন ধৰি ৰাজ্যত হৈ আছে মূষলধাৰ বৰষুণ ৷ এই মূষলধাৰ বৰষুণৰ ফলত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ফলত জল পৰিবহণৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ ইফালে এই মূষলধাৰ বৰষুণৰ ফলত যোৰহাট-মাজুলীৰ ফেৰী ৰাখোৱা তিনিটাকৈ ৰেম্প এতিয়া পানীৰ তলত ডুব গৈছে ৷ ফলত জলপথেৰে যাতায়াত কৰা যাত্ৰীসকলে এতিয়া সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷
হঠাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ইতিমধ্যে অফলামুখৰ পৰা নিমাতিৰ মাজৰ সকলো ফেৰীৰ চলাচল বন্ধ ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে (Ferry service closed due to heavy rain)। অৱশ্যে কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ ফেৰী চলাচল অব্যাহত আছে । জলস্তৰ বৃদ্ধিৰ ফলত হোৱা ৰেম্পৰ অভাৱত অফলামুখ আৰু নিমাতিৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে (Nimati Afolamukh Ferry service closed due to heavy rain)।
অন্যহাতে, ব্যৱসায়ী প্ৰতিষ্ঠানসমূহো অফলামুখ পাৰঘাটলৈ স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : Snow covered at Border Road: বৰফৰ চাদৰে ঢাকিছে টাৱাঙৰ খিৰমুৰ হলী জলপ্ৰপাতৰ পথ