HS results 2023: বিজ্ঞান শাখাৰ শীৰ্ষত নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নিখিলেষ দত্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 6, 2023, 1:50 PM IST

নগাঁও, 6 জুন : বিজ্ঞান শাখাৰ শীৰ্ষত উজ্জ্বলিছে নিখিলেষ দত্ত (HS results 2023) ৷ নিখিলেষ দত্ত নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ৷ সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত 484 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নিখিলেষ দত্তই (Nikhilesh Dutta got 1st position in HS 2023 in Science stream) ৷ নিখিলেষ দত্তৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ, ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰীৰ শিক্ষাগুৰু তথা পৰিয়ালবৰ্গ ৷

হাজোৰ বাসিন্দা নিখিলেষ দত্তই নগাঁৱত থাকি পঢ়া-শুনা কৰিছিল ৷ বিগত বৰ্ষত শাৰীৰিক অসুস্থতাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল তেওঁ ৷ কিন্তু শাৰীৰিক অসুস্থতাকো নেওচি এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰি ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে নিখিলেষে ।

লগতে পঢ়ক : Assam HS result 2023: 480 নম্বৰ লাভ কৰি ৭ম স্থানত উজ্জ্বলিছে স্ববনম শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.