চামগুৰিত দ খাৱৈত সোমাল নৈশ বাছ - Road accident in Samguri
🎬 Watch Now: Feature Video


Published : Nov 17, 2023, 2:40 PM IST
চামগুৰি,১৭ নৱেম্বৰ: চামগুৰিত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুওৱাই দ খাৱৈত সোমালগৈ এখন নৈশ বাছ । চামগুৰিৰ ডাউন টাউন ৰেষ্টোৰেণ্টৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নৈশ বাছখনত আছিল ২৫ জন যাত্ৰী ।
দুৰ্ঘটনাটোত প্ৰায়সকল যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে বুলি জানিবপৰা গৈছে । আহত যাত্ৰীসকলক স্থানীয় লোকে উদ্ধাৰ কৰি চামগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । আহত সকলৰ ভিতৰত কেইজনমান যাত্ৰীৰ অৱস্থা গুৰুত্বৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্রস্ত নৈশ বাছখনৰ নম্বৰ AS-01-GC-4799 । পুৱতি নিশা কিদৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ ল সেয়া পোহৰলৈ অহা নাই ।
লগতে পঢ়ক: ছুইফ্ট বাহন আৰু অট’ৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন