SP office inaugurated in Dibrugarh:ডিব্ৰুগড়ৰ নৱনিৰ্মিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় উদ্বোধন - Superintendent of Police office
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 20 জুন : উদ্বোধন কৰা হ’ল ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷ ৩ কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা আৰক্ষী অধীক্ষকৰ নতুন কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে ৷ ডিব্ৰুগড় থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো আজি মাংগলিক নীতি নিয়মেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ।
City Infra Development Fund চমুকৈ CIDF আঁচনিৰ অধীনত প্ৰায় ৩ কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা জিলা আৰক্ষী অধীক্ষকৰ নতুন কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে । জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড়ৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল বুলি মন্তব্য কৰিছে বিধায়ক ফুকনে ।
চহৰখনৰ গ্ৰাহামবজাৰত অৱস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো থানা চাৰিআলিস্থিত নতুন ভৱনলৈ কম দিনৰ ভিতৰত স্থানান্তৰ কৰাৰ কথা প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই । ইফালে ডিব্ৰুগড় চহৰৰ হৃদকেন্দ্ৰ থানা চাৰিআলিত নিৰ্মাণ হোৱা এই ভৱনত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাম কাজ আৰম্ভ হ’লে ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে ।
লগতে পঢ়ক : Adarsha Vidyalaya in Baihata: শিক্ষা খণ্ডত সংযোজিত হ'ল অন্য এখন আদৰ্শ বিদ্যালয়