Dihanam released: জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসৰ নতুন দিহানামৰ শুভমুক্তি - নামঘৰ মুখৰিত হৈছে হৰিনাম আৰু নাম কীৰ্তনেৰে
🎬 Watch Now: Feature Video


Published : Aug 31, 2023, 8:54 AM IST
ডিব্ৰুগড়, 31 আগষ্ট : পবিত্ৰ ভাদমাহ উপলক্ষে অসম প্ৰতিটো নামঘৰ মুখৰিত হৈছে হৰিনাম আৰু নাম কীৰ্তনেৰে । গুৰুদুজনাৰ এই পবিত্ৰ ভাদ মাহতে তিৰুভাৱ হোৱাত প্ৰতিবছৰে অসমৰ প্ৰতিটো নামঘৰত ভাদমাহ হৈ পৰে নামেৰে মুখৰিত ।
ইয়াৰ মাজতে পবিত্ৰ ভাদমাহ উপলক্ষে অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈশাসে মুকলি কৰি দিছে এটি ভক্তিৰসৰ গীত ভকতিৰ নিজৰা । বুধবাৰে নিশা মৰাণ নগৰত অৱস্থিত ষ্টুডিঅ’ ফিউজনত গীতটি উন্মোচন কৰে কণ্ঠশিল্পী কুসুমৰ লগতে সহযোগীসকলে । গীতটিত কণ্ঠদান কৰিছে কুসুম কৈলাসৰ লগতে উদীয়মান কণ্ঠশিল্পী ৰমেশ মাঝিয়ে ৷ গীতৰ কথা আৰু সুৰ ৰমেশ মাঝিৰ ৷
সংগীত ব্যৱস্থাপনা আৰু পৰিকল্পনা অচ্যুত বৰাৰ । গীতটি উন্মোচন কৰি কণ্ঠশিল্পী কুসুম কৈলাসৰ আশা পূৰ্বৰ গীতসমূহৰ দৰেই তেওঁৰ গীতৰ শ্ৰোতা আৰু শুভাকাংশীসকলে এই নতুন গীতটি আদৰি ল’ব ৷