thumbnail

By

Published : Jul 19, 2023, 9:30 PM IST

ETV Bharat / Videos

Dergaon Sahitya Sabha Bhawan:পুনৰ নতুন ৰূপত প্ৰাণ পাই উঠিল দেৰগাঁও সাহিত্য সভা ভৱনে

যোৰহাট, 19 জুলাই : পুনৰ নতুন ৰূপত প্ৰাণ পাই উঠিল দেৰগাঁও সাহিত্য সভা ভৱনে । দেৰগাঁৱৰ সাহিত্য সভা ভৱনৰ চৌহদৰ সন্মুখভাগ এতিয়া শোভিত হৈ পৰিব অসমৰ এগৰাকী স্বনামধন্য ব্যক্তিৰ প্ৰতিমূৰ্তিৰে । এইগৰাকী স্বনামধন্য ব্যক্তি হ’ল হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা । সোমবাৰৰ পৰা সাহিত্য সভা ভৱনত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিয়ে শোভা পাইছে ৷

হেমচন্দ্ৰ বৰুৱাৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি সোমবাৰে উন্মোচন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই । উল্লেখ্য যে পূৰ্বেও পুৰণা সাহিত্য সভা ভৱনত হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ এটা আৱক্ষ মূৰ্তি আছিল যদিও সাহিত্য সভা ভৱনটো নতুনকৈ নিৰ্মাণ কৰাৰ সময়ত মূৰ্তিটো ভাঙি পৰিছিল । সেয়েহে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ সহযোগত স্থায়ীভাৱে হেমচন্দ্ৰ বৰুৱাৰ এই ব্ৰঞ্জৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰা হয় দেৰগাঁও সাহিত্য সভাৰ নতুন ভৱনত ।

আনহাতে হেমকোষৰ ব্ৰেইলী সংস্কৰণেৰে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱাত সাদিন-প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক দেৰগাঁৱৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সাহিত্য সভা ভৱনত সাংবাদিক সমাজ আৰু বিভিন্ন দল সংগঠনেও সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনাই ।

লগতে পঢ়ক : Deuram Tasa Award 2023: সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ দেউৰাম তাছা স্মাৰক বঁটা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.