গাঁতত সোমাই কৰুণ মৃত্যু সদ্যোজাত বন্যহস্তীৰ পোৱালিৰ - বন্যহস্তীৰ পোৱালি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/640-480-20130348-thumbnail-16x9-udal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 28, 2023, 9:44 AM IST
মৰিয়নী, 28 নৱেম্বৰ : যোৰহাট জিলাৰ মৰিয়নীৰ সমষ্টি অন্তৰ্গত খৰিকটীয়া চাহ বাগিচাত এক কৰুণ ঘটনা সংঘটিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি খৰকটীয়া চাহ বাগিচাত দৰৱ মিহলি কৰিবলৈ জংঘল ব্লকৰ লাইনত এটা গাঁত খন্দা হৈছিল ৷ কিন্তু বাগিচা কতৃপক্ষই খান্দি ৰখা উন্মুক্ত গাঁতটোৱেই কাল মাতিলে বন্যহস্তীৰ জীৱনলৈ ৷ দ গাঁতটোত সোমাই কৰুণ মৃত্যুক আঁকোৱালি লয় এটা বন্যহস্তীৰ পোৱালিয়ে।
গিবন অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ বন্যহস্তীৰ জাক এটাৰ পৰা সদ্যোজাত হাতী পোৱালীটো খান্দি থোৱা গাঁতটোত পৰি মৃত্যুৰ মুখত পৰে ৷ ইতিমধ্যে মৰিয়নীৰ বনাঞ্চলিক বিষয়া কাৰ্যালয় বনকৰ্মীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় মৃত পোৱালিটো উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে ৷
এতিয়া সদ্যোজাত হাতী পোৱালিটোৰ মৃত্যুৰ পিচতে হাতীৰ বৃহৎ জাকটোৱে যিকোনো সময়ত খৰকটীয়া চাহ বাগিচাৰ জংঘল ব্লকৰ লাইনত অঘটন সংঘটিত কৰিব পৰাৰ আশংকা কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: ৰক্ষা কৰিব লাগে শইচেৰে নদন-বদন পথাৰ, গজৰাজৰ বাবে ফলাহাৰ যোগান গঞাৰ