New born baby rescued in Duliajan : ডিৰিয়াল চাহ বাগিচাৰ পথৰ দাঁতিত উদ্ধাৰ নৱজাতক - ডিৰিয়াল চাহ বাগিচা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 7, 2022, 3:00 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

মানৱ সমাজক লজ্জানত কৰা চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে দুলীয়াজানত । বুধবাৰে পুৱাই দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে এটি নৱজাতক (New born baby rescued at Dirial tea estate) । কোনো দুষ্ট লোকে নৱজাতকটি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে নৱজাতকটি প্ৰত্যক্ষ কৰি খবৰ দিয়ে বাগিচা কৰ্তৃপক্ষক । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে নৱজাতকটিক উদ্ধাৰ (New born baby rescued in Duliajan) কৰি চিকিৎসাৰ বাবে ডিৰিয়াল চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বাতৰি যুগুত কৰা পৰ্যন্ত নৱজাতকটিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই । পূৰ্বতকৈ নৱজাতকটিৰ স্বাস্থ্য কিছু সুস্থ বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.