Dalgaon Protest:বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে পথচাৰীক - Darrang
🎬 Watch Now: Feature Video
দলগাঁও,5 জুলাই: পুখুৰী সদৃশ এটা ৰাজপথ আৰু সেই ৰাজপথেৰে দেশ-বিদেশৰ পৰ্যটকে বোকা পানী গচকি যাব লাগে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ । এজাক বৰষুণ দিলে আঠুলৈকে পানী হয় পথছোৱাত ৷ বিধ্বস্ত পথে জ্বলা-কলা খুৱাই আহিছে পথচাৰীক ৷ দৰঙৰ দলগাঁৱৰ শিলবৰী বজাৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথে যমৰ যাতনা ভুগাইছে ৰাইজক ৷ সেয়ে গড়কাপ্তানী বিভাগ হায় হায়, মুজিবৰ ৰহমান মুৰ্দাবাদ,অসম চৰকাৰ গ' বেক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাই ৷ প্ৰতিবাদকাৰীসকলে বিধায়ক মজিবুৰ ৰহমানৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
‘‘এই প্ৰতিবাদ মিছাৰ বিৰুদ্ধে, এই প্ৰতিবাদ ৰাইজৰ বাবে ৷ এই পথৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে ৷ উক্ত পথচোৱা ১৫ দিনৰ ভিতৰত মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদ কৰা হ’ব ৷ আগন্তুক সময়ত নিৰ্বাচন আহি আছে মনত ৰাখিব ৷ পথছোৱা শীঘ্ৰে মেৰামতি নকৰিলে গণভোটৰ জৰিয়তে তেওঁলোকক গাদীৰ পৰা ওফৰাই দিম ৷’’ এই হুংকাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ ৷
লগতে পঢ়ক:Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনা, বাগৰি পৰিল যাত্ৰীবাহী আল্ট্ৰা বাহন