Neglected Bhupen Hazarika Memorial Open Stage : সুধাকণ্ঠক এলাগী; ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 3:05 PM IST

thumbnail

বিহপুৰীয়া, 8 ছেপ্টেম্বৰ : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 97 সংখ্যক জন্ম বাৰ্ষিকী ৷ 1926 চনত শদিয়াত জন্ম গ্ৰহণ কৰা আৰু 2011 চনত এই ইহ সংসাৰ এৰি গুচি যোৱা যাযাবৰী শিল্পীগৰাকীক আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধাৰে সোঁৱৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহেৰে পালন কৰা হৈছে সুধাকণ্ঠগৰাকীৰ এই 97 তম জন্ম দিনটো । ইয়াৰ মাজতে এক ব্যতিক্ৰমী পৰিৱেশ দেখা গ’ল লখিমপুৰ জিলাৰ বিহপুৰীয়াত ৷

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম দিনৰ দিনাও ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ । বিহপুৰীয়া উন্নয়ন খণ্ডৰ অধীনৰ লিখক চাপৰিৰ উৰিয়ামপাৰা গাঁৱত দেখা গ’ল এই দৃশ্য । বিহপুৰীয়া উন্নয়ন খণ্ডৰ অধীনত 14-15 বিত্তীয় বৰ্ষত 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ আৰু এখন উদ্যান । মঞ্চভাগ নিৰ্মাণৰ পিচত দুটি মান বৰ্ষত সুধাকণ্ঠগৰাকীক সুঁৱৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে বিগত প্ৰায় পাঁচ বছৰ ধৰি উক্ত মঞ্চত সুধাকণ্ঠগৰাকীৰ স্মৃতিত অনুষ্ঠিত হোৱা নাই কোনো অনুষ্ঠান । যাৰ পৰিৱৰ্তে সম্প্ৰতি এই মঞ্চখন ব্যৱহাৰ হৈছে গোটৰ মিটিং পতা, ধান মেলা আদি কামত । যিগৰাকী মহান ব্যক্তিয়ে অসমৰ কৃষ্টি সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে, সেইগৰাকী ব্যক্তিৰ আজিৰ এই ওপজা দিনত চৰকাৰীভাৱেই হওক কিম্বা সামাজিকভাৱেই হওক কোনো ধৰণেই এবাৰো স্মৰণ নকৰাক লৈ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ।

লগতে পঢ়ক : Bhupen Hazarika's birth anniversary: ভূপেন হাজৰিকাক ‘‘মদাৰৰ ফুল’’ জ্ঞান কৰিছে নেকি চৰকাৰে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.