এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী তেজপুৰত উপস্থিত - Tezpur MLA Prithiraj Rava
🎬 Watch Now: Feature Video


Published : Nov 18, 2023, 3:44 PM IST
তেজপুৰ, 18 নৱেম্বৰ : নেশ্যনেল ক্ৰেডেট ক্ৰপ চমুকৈ এন চি চিয়ে সম্পূৰ্ণ কৰিলে 75 বছৰত ৷ সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য পৰিভ্ৰমণৰ উদ্দেশ্যে এন চি চিৰ মেজৰ জেনেৰেল গগণ দীপৰ নেতৃত্বত উলিওৱা হৈছে এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী 2023 ৷ শনিবাৰে এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী উপস্থিত হয় শোণিতপুৰ জিলাত ৷
আজি তেজপুৰ দৰং মহাবিদ্যালয়ত কাৰ ৰেলী দলটো উপস্থিত হোৱাৰ পাচতে আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা অহা এন চি চিৰ কেডেটসকলে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু এন চি চিৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল গগণ দ্বীপে ৷
এন চি চিৰ অতিৰিক্ত সঞ্চালক প্ৰধান দ্বীপে কয়, ‘‘ বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এন চি চিত অংশগ্ৰহণ কৰাৰ ফলত বিভিন্ন সুৰক্ষা বাহিনীত ভৰ্তি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু সুযোগ লাভ কৰিছে ।’’
লগতে পঢ়ক:বন্যহস্তীৰ উপদ্ৰৱত তহিলং খেতিপথাৰ, বিনিদ্ৰ ৰজনী কটাইছে গঞাই