NCC training camp in Tinsukia: এন চি চিৰ বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত পাঁচ শতাধিক কেডেট - ডুমডুমাৰ লাৰ্ণাছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 23, 2023, 6:49 PM IST

তিনিচুকীয়া, ২৩ জুলাই: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ লাৰ্ণাছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দশম আৰক্ষী বাহিনীৰ এন চি চিৰ তত্ত্বাৱধানত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । দুটা ভাগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাকে ধৰি অৰুণাচল প্ৰদেশৰ পাঁচ শতাধিক কেডেটে অংশগ্ৰহণ কৰে  ৷  

১০ অসম বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল সুধাশু ডুবেৰ পৰিচালনাত কেডেটসকলক পি টি, যোগা, ড্ৰিল, মেপৰিডিং, ৱেপন ট্ৰেইনিং, ফায়াৰিং, এফচি বিচি, মিলিটেৰী তথা এক্সপা, এছ এছ চিডি, ফায়াৰ ফাইটিং, দুৰ্যোগ প্ৰশমনকে ধৰি কেডেটৰ জীৱনত প্ৰয়োজনীয় সম্ভৱপৰ সকলো বিষয় সামৰি প্ৰশিক্ষণ দিয়া হয় ৷ প্ৰশিক্ষণ শিবিৰত কেপ্তেইন ৰুবুল দত্ত, লেফটেনেণ্ট বৰসিং হানছে, ছেকেণ্ড অফিচাৰ ৰুমী মেধি, টি অ মাধৱ উপাধ্যায়, টি অ কেশৱ শৰ্মা আৰু চি টি অ' অনুপম উপস্থিত থাকে ।

লগতে পঢ়ক:Inter District Judo Competition: আজি সামৰণি পৰিব বিশ্বনাথত অনুষ্ঠিত জুডোৰ ৩৩ সংখ্যক ৰাজ্যিক প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.