উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোটদানৰ হাৰ 86 শতাংশ - dima hasao election 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:27 PM IST

হাফলং, 9 জানুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভোটদানৰ হাৰ 85.78 শতাংশ । হাফলং সমষ্টিত সৰ্বনিম্ন ভোটদান 75.51 শতাংশ । মঙলবাৰৰ বিয়লি জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা এই তথ্য জনোৱা হয় ।

2019 চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল 89 শতাংশ । এইবাৰ ভোটৰদানৰ হাৰ 3 শতাংশ কমিছে । ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 22 টা সমষ্টিৰ 231 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোট কৰ্মীসকল মঙলবাৰৰ ৰাতিপুৱা 5 টা বজাত আহি উপস্থিত হৈছে ।

বেলট বক্স ৰাখিবলৈ ষ্ট্ৰং ৰূম বনোৱা হৈছে হাফলং ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ত । কটকটীয়া নিৰাপত্তা বেষ্টনীত হাফলং ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ত বনোৱা ষ্ট্ৰং ৰূমত ৰখা হৈছে পৰিষদৰ 22 টা সমষ্টিৰ 231 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বেলট বক্স । অহা 12 জানুৱাৰীৰ পুৱা 8 বজাৰ পৰা হাফলং ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটগণনা আৰম্ভ হ’ব ।

লগতে পঢ়ক : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সুকলমে সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.