Natural dyes in Jorhat : গৰু গোৱৰ পৰাৰ তৈয়াৰ হ’ল প্ৰাকৃতিক ৰং - গোৱৰৰ পৰা সৃষ্টি প্ৰাকৃতিক পেইন্ট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 19, 2023, 9:09 PM IST

যোৰহাট, 19 মাৰ্চ : প্ৰাকৃতিক পেইন্ট বুলি ক’লে আপোনাৰ মনলৈ বাৰু কি আহে ? নিশ্চয় প্ৰাকৃতিকভাৱে উপলব্ধ নাইবা প্ৰকৃতিৰ বিভিন্ন উপাদানেৰে তৈয়াৰী সামগ্ৰী নহয় জানো ৷ কিন্তু আমি আপোনালোকক জনাবলৈ লৈছে গোৱৰৰ পৰা সৃষ্টি প্ৰাকৃতিক পেইন্টৰ বিষয়ে (Natural dyes are made from cow dung) ৷

এই বিশেষ ৰং নাগপুৰৰ বিশিষ্ট বিজ্ঞানী এম ই খানে উদ্ভাৱন কৰে (Scientist ME Khan invented Natural dyes)। যোৰহাটৰ হেম বৰুৱা পথৰ নিবাসী অৰিন্দম অংকুৰ বেজবৰুৱাই পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গোৱৰৰ পৰা সৃষ্টি প্ৰাকৃতিক পেইন্টৰ এই প্ৰকল্পটো মহবন্ধাৰ চকালাটিঙত স্থাপন কৰে । সম্পূৰ্ণৰূপে গোৱৰৰ পৰা তৈয়াৰ কৰা এই ৰং আপোনাৰ বাবে স্বাস্থ্যসন্মত হোৱাৰ উপৰিও বেক্টেৰিয়াজনীত ৰোগৰ পৰাও মুক্ত ।

শনিবাৰে যোৰহাটত গৰু গোৱৰৰ পৰা সৃষ্টি কৰা প্ৰাকৃতিক ৰঙৰ শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে প্ৰাকৃতিকভাৱে তৈয়াৰী এই ৰঙৰ উদ্যোগ জড়িতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতি সাধন হোৱাৰ লগতে বহু যুৱ প্ৰজন্মই ইয়াৰ জৰিয়তে কৰ্ম সংস্থাপন লাভ কৰিব ৷

বিশেষ আঠবিধ লাভৰে পৰিপূৰ্ণ এই পেইন্টয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যোৰহাটত । গৰুৰ গোৱৰৰ এই ৰঙে ঘৰখনক বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা সুৰক্ষা দিয়াৰ লগতে পৰিৱেশ অনুকূল, তাপ নিয়ন্ত্ৰণো কৰিব ৷ আনকি বজাৰত উপলব্ধ বিভিন্ন ৰঙৰ সামগ্ৰীতকৈ ইয়াৰ মূল্যৰ ব্যৱধানো আছো ৷ লগতে ই গধূৰ ধাতুৰ পৰা মুক্ত, বিষাক্ত দ্ৰব্যৰ পৰা মুক্ত আৰু গোন্ধহীন ৷

লগতে পঢ়ক : Golden Jubilee of Guwahati Press Club: ঢোল-পেঁপাৰ শব্দত কঁপিছে গুৱাহাটী প্ৰেছক্লাৱ; 20 মাৰ্চত সোণালী জয়ন্তীৰ উদ্বোধনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.