মনোৰম কপিলীত পৰ্যটকৰ ভিৰ - পাহাৰৰ সুউচ্চ শিখৰৰ পৰা বৈ অহা নিজৰা
🎬 Watch Now: Feature Video


Published : Dec 5, 2023, 10:35 AM IST
মিৰ্জা, 5 ডিচেম্বৰ : শীতৰ আগমণৰ লগে লগেই বনভোজ খাবলৈ অথবা যান্ত্ৰিকতাৰ পৰা ক্ষন্তেকৰ বাবে অৱসাদ বিচাৰি অহা লোকে ভিৰ কৰিছেহি মনোৰম কপিলীত । মহানগৰীৰ কাষতে অসম মেঘালয় সীমান্তত লাগি আছে এই মনোৰম কপিলী । প্ৰকৃতিৰ শোভা বঢ়াই এফালে নিজৰাৰ কুলু কুলু ধ্বনি, আনফালে পক্ষীকুলৰ কলৰৱ । এইবোৰৰ উপৰিও এফালে যদি ঘনঘোৰ সেউজীয়াৰ অনন্য আকৰ, আনফালে গিৰিৰ সুউচ্চ শিখৰৰ মনোৰম দৃশ্য । য’ত আছে কেৱল অনাবিল মধুৰতা ।
শীতৰ আগমণ ঘটিছে মানেই ভিৰ বাঢ়ে মনোমোহা এই কপিলীৰ বুকুত । পাহাৰৰ সুউচ্চ শিখৰৰ পৰা বৈ অহা নিজৰাৰ দুয়োপাৰে সেউজীয়াৰ মাজত আপোন পাহৰা হয় মানুহবোৰ । অনন্য আকৰ্ষণ আছে এই কপিলীৰ । যাৰ বাবে বছৰৰ এই শীতৰ সময়ছোৱাত লোকাৰণ্য হৈ পৰে কপিলীৰ চৌদিশ ।
প্ৰকৃতিৰ অনন্য আয়তনেৰে ভৰপূৰ কপিলী । য’ত আছে কেৱল যান্ত্ৰিকতাৰ বিপৰীতে অন্য এখন চিৰ সেউজীয়া ঠাই । মহানগৰীৰ পৰা প্ৰায় বিশ কিলোমিটাৰ নিলগত অসম মেঘালয় সীমান্তৰ ৰাণীত । কপিলীৰ বুকুত এবাৰ বিচৰণ কৰি আপুনিও বোকোচাত কঢ়িয়াই লৈ যাব পাৰিব অনাবিল মধুৰতা ।
লগতে পঢ়ক : কংসৰ অট্টহাস্যত কঁপি উঠিল মহানগৰীৰ চেক্টৰ 2