National Unity Day: ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে লখিমপুৰত একতাৰ বাবে দৌৰ - dc of lakhimpur
🎬 Watch Now: Feature Video


Published : Oct 31, 2023, 11:54 AM IST
লখিমপুৰ, 31 অক্টোবৰ: লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত 31 অক্টোবৰৰ দিনা পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস । লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰৰ পুৱাৰে পৰা পালিত হয় ৰাষ্ট্ৰীয় একতা দিৱস । জিলাখনৰ আৱৰ্ত ভৱনৰ বাকৰিত জিলা আয়ুক্ত সহ প্ৰশাসনীয় বিষয়া কৰ্মচাৰীসকল সমবেত হৈ চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদান, তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰে ।
জিলা আয়ুক্ত সুমিত সাত্তাৱানে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰি কয় যে আজিৰ ভাৰতবৰ্ষখন গঢ়ি তোলাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদান আছিল অনন্য । পিছপৰা সকলো শ্ৰেণীৰ লোকক লৈ তেওঁ আধুনিক ভাৰতবৰ্ষ গঢ়াত আত্মনিয়োগ কৰিছিল । তেওঁৰ অনন্য ভূমিকাৰ বাবেই বৰ্তমান দেশে নতুন গতিৰে আগুৱাই যাব পাৰিছে বুলিও কয় সাত্তাৱানে ।
সাত্তাৱানে সকলোকে চৰ্দাৰ বল্লভভাই পেটেলৰ জীবনাদর্শক সাৰোগত কৰি দেশ তথা দহৰ সেৱাৰ মনোভাৱেৰে কাম কৰাৰ আহ্বান জনায় । আয়ুক্তগৰাকীয়ে আৱৰ্ত ভৱনৰ পৰা ওলোৱা একতাৰ দৌৰ কাৰ্যসূচীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ।
আনহাতে জিলাৰ আৰক্ষী বিভাগে এই দিৱস উপলক্ষে নগৰৰ ত্যাগ ক্ষেত্রত মাৰ্চ পাষ্ট কৰাৰ লগতে নগৰৰ মাজেৰে সমদল উলিয়ায় ৷
লগতে পঢ়ক: Allegation against AJP : পূজাথলীক ৰাজনৈতিক সভালৈ পৰ্যবসিত কৰাৰ অভিযোগ অজাপৰ বিৰুদ্ধে