National Road Safety Week 2023: ৰঙিয়াত পথ সুৰক্ষা সপ্তাহ 2023 ৰ অনুষ্ঠান - ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী
🎬 Watch Now: Feature Video
সাম্প্ৰতিক সময়ত ৰাজ্যত পথ দুৰ্ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিটো দিনত পথ দুৰ্ঘটনাই কাঢ়িছে মানুহৰ জীৱন । এই পথ দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ 2023 (National Road Safety Week 2023)পালন কৰিছে ৷ "পথ সুৰক্ষা জীৱন ৰক্ষা" শ্লোগানেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে পৰিবহন বিভাগে (National Road Safety Week 2023 observed at Rangia) । ৰঙিয়াৰ আই ও চিত থকা টাটা মটৰ্চৰ সন্মুখত আৰক্ষী আৰু পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ 2023 অনুষ্ঠিত কৰা হয় । যোৱা ১১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ 17 জানুৱাৰীত সামৰণি পৰে ৷ এই অনুষ্ঠানটোত কামৰূপ জিলাৰ পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতা (Kamrup DTO Rupjyoti Kalita), ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশ, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী (OC Bhaskar Malla Patowary), ৰঙিয়া গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ বৈশ্যৰ লগতে কেইবাগৰাকী বিষয়াই গাড়ী চলাঁওতে লব লগা সাবধানতা সন্দৰ্ভত উপস্থিত ৰাইজক বুজাই দিয়ে ৷ বিশেষকৈ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই দুচকীয়া গাড়ী চলাওতে হেলমেট পিন্ধিবলৈ, চাৰিচকীয়া বাহন চলাওতে চিটবেল্ট পিন্ধিবলৈ আৰু মদ্যপান কৰি গাড়ী নচলাবলৈ ৰাইজক আহ্বান জনায় ।