thumbnail

পৰ্টেলৰ সাংবাদিকতাক কঠোৰ নিয়ন্ত্ৰণৰ দৰকাৰ: সাংবাদিক শচীন গগৈ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:29 PM IST

যোৰহাট, 16 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত বৃহস্পতিবাৰে বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজন কৰা হয় ৷ এই উপলক্ষে আজি প্ৰেছ ক্লাব ভৱনত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্বৰ সন্মানীয় সংবাদ প্ৰতিষ্ঠান বি বি চিৰ নতুন দিল্লীত কৰ্মৰত প্ৰখ্যাত সাংবাদিক অসম সন্তান শচীন গগৈ।

সংবাদ প্ৰতিষ্ঠানটোৰ সম্পাদকীয় প্ৰমুখ হিচাপে কৰ্মৰত গগৈয়ে যোৰহাট প্ৰেছ ক্লাবত " সাম্প্ৰতিক সাংবাদিকতাৰ ধাৰা আৰু ভাৰতবৰ্ষত সাংবাদিকতা প্ৰত্যাহ্বান " শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে ৷ লগতে তেওঁ কয় যে আজিৰ সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু গৱেষণাই কয় যে সংবাদ প্ৰতিষ্ঠান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু জনসাধাৰণৰ আস্থা হেৰুৱাইছে । আজিৰ প্ৰেক্ষাপটত পৰ্টেল সাংবাদিকতা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে, এই আগ্ৰাসনে সংবাদ প্ৰতিষ্ঠানক ক্ষতি কৰিছে ৷ পৰ্টেলক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাটো দৰকাৰ হৈ পৰিছে। কিছু প্ৰতিষ্ঠানে ভুল বাতৰি পৰিৱেশন কৰি সমাজত বিৰূপ প্ৰভাৱ পেলাইছে।

এই অনুষ্ঠানত যোৰহাট মহাবিদ্যালয় ইতিহাস বিভাগৰ অধ্যাপক ড৹ সৌমিত্ৰ পূজাৰীয়ে যোৰহাট সাংবাদিকতা ইতিহাস শীৰ্ষক আন এক বক্তৃতা প্ৰদান কৰে।

লগতে পঢ়ক: NRC scam: এন আৰ চি কেলেংকাৰী সম্পৰ্কীয় গোচৰত প্ৰতীক হাজেলালৈ চমন জাৰি আদালতৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.